বিহাৰৰ গয়াক মোক্ষৰ নগৰ বুলি গণ্য কৰা হয়। এই মোক্ষ বা মুক্তিৰ নগৰতে এখন বিবাহক লৈ হৈছে চৰ্চা। এখন ব্যক্তিগত চিকিৎসালয়ৰ আই চি ইউ ৱাৰ্ডত এনে এক অনন্য বিবাহ প্ৰত্যক্ষ কৰা গৈছিল, যি এগৰাকী মাতৃৰ শেষইচ্ছাৰ বাবে ৰূপায়ণ কৰা হৈছিল। দৰা-কইনাৰ লগতে চিকিৎসালয়ৰ সকলো কৰ্মীকে আৱেগিক কৰি তোলা এই ঘটনাৰ বিৱৰণী অনুসৰি পৰিস্থিতি অধিক বেয়া হোৱাত হাস্পতালত চিকিত্সাধীন পুনম কুমাৰী বাৰ্মাই পৰিয়ালৰ লোকক কয় যে তেওঁ জীয়াৰী বিবাহ চাই যাব বিচাৰে।
ভাৰতীয় সেনাবাহিনীৰ পৰা অৱসৰ লোৱা চেলেমপুৰ গাঁৱৰ বাসিন্দা বিদ্যুৎ কুমাৰ আম্বেদকাৰৰ অভিযন্তা পুত্ৰ সুমিত গৌৰৱৰ সৈতে ২৬ ডিচেম্বৰত চান্দনী কুমাৰীৰ এংগেজমেণ্ট ঠিক কৰা হৈছিল। যেতিয়া ছোৱালীজনীৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিল, তেতিয়া ছোৱালীজনীয়ে নিৰ্ধাৰিত এংগেজমেণ্টৰ তাৰিখৰ এদিন আগতে দুয়োৰে বিয়া পাতিবলৈ জোৰ দিলে। ইয়াৰ পিছত এই বিবাহ আই চি ইউত কৰা হ’ল।