Home » photogallery » nation »VVIP Tree : এজোপা VVIP গছ, ২৪ ঘণ্টাই যাক দিয়া হয় সুৰক্ষা, বছৰি যাৰ নামত খৰচ হয় ১৫ লাখ টকা...

VVIP Tree : এজোপা VVIP গছ, ২৪ ঘণ্টাই যাক দিয়া হয় সুৰক্ষা, বছৰি যাৰ নামত খৰচ হয় ১৫ লাখ টকা...

মধ্য প্ৰদেশৰ (Madhya Pradesh) ৰাইচেন (Raisen)ৰ ছলামতপুৰত গছ এজোপা সুৰক্ষা দিবলৈ দিনে ২৪ ঘণ্টা আৰক্ষী মোতায়েন কৰা হয়। আনকি ইয়াৰ এটা পাত সৰলেও প্ৰশাসন কঁপি উঠে। গছজোপা ইমান গুৰুত্বপূৰ্ণ যে প্ৰতি ১৫ দিনত ইয়াৰ চিকিৎসা পৰীক্ষা কৰা হয়। গছজোপাৰ তত্বাৱধানৰ বাবে প্ৰতি বছৰে প্ৰায় ১৫ লাখ টকা ব্যয় হয়। বোধি বৃক্ষজোপা শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহিন্দ্ৰা ৰাজাপাক্ষেই ২০১২ চনৰ ২১ ছেপ্টেম্বৰত ৰোপণ কৰিছিল। (দেৱৰাজ দুবে)