জানি লওক, কিহৰ দাম কমিল, কিহৰ দাম বাঢ়িল! সাধাৰণ মানুহে বাজেট ঘোষণাৰ পিছত এই দিশত আটাইতকৈ অদিক গুৰুত্ব প্ৰদান কৰি আহিছে। এইবাৰৰ বাজেটত দাম বাঢ়িল ইলেক্ট্ৰনিক সামগ্ৰীৰ। ম’বাইল, অটো পাৰ্টছ, ৰেচম সামগ্ৰীৰ মূল্য বৃদ্ধি হ’ব পাৰে ।বাজেটত বিদেশী মোবাইল ব্যয়বহুল হ’ব। মোবাইল ফোনৰ আমদানি শুল্ক ২.৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে, মোবাইল ফোনৰ বিক্ৰী দ্ৰুত ভাবে বাঢ়িছে। মোবাইল ফোন আৰু চাৰ্জাৰ ৰপ্তানি কৰা হৈছে। ২.৫ শতাংশ আমদানি কৰ ইয়াৰ ওপৰত ধাৰ্য কৰা হৈছে। বাঢ়িব পাৰে চাৰ্জাৰৰ দাম। বাঢ়িব ৰত্নৰ দাম। লোহাৰ সামগ্ৰী সস্তা হ'ব। সস্তা হ'ব। নাইলনৰ পোছাক সত্তা হ'ব। তামৰ সামগ্ৰীৰ দাম কমিব। ইনচুৰেঞ্চ পলিচি সস্তা হ'ব। জোতাৰ দাম কমিব। ইবাৰৰ বাজেটত সোণ আৰু ৰূপৰ মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। বিত্ত মন্ত্ৰীয়ে কয় যে সোণ আৰু ৰূপৰ ওপৰত শুল্ক হ্ৰাস হোৱাৰ ফলত মূল্য হ্ৰাস হ’ব পাৰে। নতুন ফ্লেট ক্ৰয় কৰিলে ডেৰ লাখ টকা পৰ্যন্ত ৰেহাই পাব।