আসন্ন বাজেট উপলক্ষ্যে মধ্যবিত্তসকলৰ মাজত যথেষ্ট আশা–আকাংক্ষ্যাৰ বিশেষকৈ যিসকলে কৰ আদায় দিয়ে তেওঁলোকৰ মাজত বিভিন্ন ভাৱনাৰ সৃষ্টি হৈছে। সাময়িক ভাবে হয়তো কাৰোবাৰ বেতনৰ পৰা কৰ্তন কৰা গৈছে বা কোৰোণা সংক্ৰমণৰ কাৰণে বেতন কমিছে ৷ হয়তো এই বিষয়টো সন্মুখত ৰাখিয়ে ডাঙৰ ঘোষণা কৰিব পাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। প্রতীকী ছবি ৷
যিসকলে ঘৰৰ পৰা কাম–কাজ কৰিছে বা Work From Home হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত ঘৰত পৰিকাঠামো প্ৰস্তুত কৰাৰ কাৰণে যথেষ্ট টকা খৰছ হৈছে। সংশ্লিষ্ট কৰ্মীসকলৰ সেই টকা যথেষ্ট সংখ্যক কোম্পানীয়ে দিছে কিন্তু সেই বৰ্ধিত টকা যদি টেক্সৰ আওতাত যায়ে তাত সমস্যাত পৰিব পাৰে কৰ্মীসকল। গতিকে সেই ভাবি বিত্তমন্ত্ৰীয়ে এই ক্ষেত্ৰত কিছু সকাহ দিব পাৰে। ফলত বিবেচনাধীন হৈ আছে এই বিষয়টো। প্রতীকী ছবি ৷
৮০ডি ধাৰাৰা অধীনত কোনো ব্যক্তিৰ স্বাস্থ্য বীমাৰ প্ৰীমিয়াৰৰ টকা নিজৰ স্ত্ৰী, পৰিয়ালৰ ৬০ৰ অনুৰ্ধ কোনো ব্যক্তিৰ কাৰণে দিব লাগে। একে কথা চিনিয়ৰ চিটিজেনৰ ক্ষেত্ৰতো প্ৰযোজ্য। এই ব্যয়ত টকা কৰ্তন কৰাৰ সীমা বৰ্তমান ৫০,০০০টকাৰ পৰা ৭৫,০০০টকা। সেয়া বঢ়োৱাৰ কথা চিন্তা কৰা হৈছে। হয়তো সেয়া বৃদ্ধি কৰি ৭৫,০০০-১,০০,০০০ টকা কৰিব পাৰে চৰকাৰে। প্রতীকী ছবি ৷