বিয়াৰ পিছৰ পৰাই সন্তান জন্ম দিবলৈ অসমৰ্থ হোৱাৰ বাবে পৰিয়ালৰ লোকে মানসিক নিৰ্যাতন চলাইছিল এগৰাকী মহিলাক। বিভিন্ন চিকিৎসা কৰিও লাভ কৰা নাছিল সুফল। প্ৰতিদিনে কথা শুনিবলগীয়া হৈছিল পৰিয়ালৰ লোকৰ পৰা। অৱশেষত ২৫ বছৰীয়া বোৱাৰীগৰাকী কাষ চাপে এজন তান্ত্ৰিকৰ। কিন্তু সমস্যা সমাধান দূৰৰে কথা। তান্ত্ৰিকৰ পৰামৰ্শ মানি মহিলাগৰাকীয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। মহিলাগৰাকীয়ে ঈশ্বৰক সন্তুষ্ট কৰাৰ নামত ওচৰ চুৱুৰীয়াৰ এটি কণমানি সন্তানক ডিঙি কাটি হত্যা কৰে। ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে দিল্লীত। ইতিমধ্যে ২৫ বছৰীয়া হত্যাকাৰী মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত বোৱাৰীগৰাকীৰ নাম নীলম গুপ্তা। নীলমে আৰক্ষীক দিয়া স্বীকাৰোক্তি মতে, সন্তান নথকাৰ বাবে ঘৰত মানসিক নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হৈছিল। চিকিৎসা কৰিও কোনো সুফল নাপাই অৱশেষত তান্ত্ৰিকৰ শৰণাপন্ন হৈছিল। নীলমৰ দাবী, তান্ত্ৰিকে নিৰ্দেশ দিছিল যে, এটি জীৱন্ত শিশুৰ তেজেৰে ভগৱানক পূজা কৰিলেই গৰ্ভৱতী হ'ব মহিলাগৰাকী। গতিকে কোনো কথা নাভাবি প্ৰতিবেশীৰ ৩ বছৰীয়া সন্তানক বলি দিয়ে মহিলাগৰাকীয়ে। ইয়াৰ পিছত এটা প্লাষ্টিকৰ বেগত নিথৰ দেহ ভৰাই ঘৰৰ চাঁদত থৈছিল। নীলমে জনাইছে যে, ২০১৩ চনতে তেওঁৰ বিয়া হৈছিল। কিন্তু দীৰ্ঘদিন চিকিৎসা কৰাৰ পিছতো সন্তান লাভ কৰা নাছিল। যোৱা বছৰ উত্তৰপ্ৰদেশত থকা পিতৃঘৰলৈ যাওতে তান্ত্ৰিকজনৰ সন্ধান লাভ কৰে। ইফালে সন্তান খেলিবলৈ গৈ ঘৰলৈ ঘূৰি নহাত চিন্তাত পৰিছিল পিতৃ-মাতৃ। কোনো সন্ধান লাভ নকৰি আৰক্ষীক খবৰ দিয়ে পিতৃ-মাতৃয়ে। ইয়াৰ পিছত পুলিচ আহি সোধা-পোছা কৰোতেই ঘটনা পোহৰলৈ আহে। প্ৰথম অৱস্থাত আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল যদিও শোষত ধৰা পৰি যায়। আৰক্ষীৰ সূত্ৰৰ পৰা জনোৱা মতে, শিশুটিৰ মৃতদেহ ঘৰৰ চাঁদত, এটা বেগৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছে।