টুইটাৰ একাউণ্টৰ পৰা আঁতৰাই দিয়া হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো। কপিৰাইট সংক্ৰান্তীয় সমস্যাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ একাউণ্টৰ পৰা ফটো আঁতৰাই দিয়া হৈছিল বুলি দাবী কৰিছে টুইটাৰে। পিছে কিছুসময়ৰ পিছতে সমস্যাটো সমাধান হয়। টুইটাৰলৈ পুনৰ আহে অমিত শ্বাহৰ ফটো। এনেদৰে অস্বস্তিত পৰে সকলো। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ টুইটাৰ একাউণ্টৰ পৰা ফটো আঁতৰোৱা হৈছে। লগে লগে ৰিপৰ্ট কৰে টুইটাৰত। কিছুসময়ৰ পিছতে ফটো ল’ক কৰি দিয়া হয়। টুইটাৰৰ মুখপাত্ৰই জনাইছে যে, অনিচ্ছাকৃত ভুলৰ বাবে গ্লোৱেল কপিৰাইট নীতি অনুসৰি এই একাউণ্ট ল’ক কৰা হৈছিল। লগে লগে ব্যৱস্থা গ্ৰহণ কৰি সমস্যা সমাধান কৰা হয়। একাউণ্ট এতিয়া সম্পূৰ্ণৰূপে কাৰ্যক্ষম। টুইটাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে, সাধাৰণতে যাৰ ফটো তেওঁ নহয়, ফটোখন যি তুলিছে, সেই ফটোৰ কপিৰাইটৰ স্বত্ব ফটোগ্ৰাফাৰজনক দিয়া হয়। কিছুদিন পূৰ্বে এই একেই সমস্যাৰ বাবে ভাৰতীয় ক্ৰিকেট কণ্ট্ৰ’ল বৰ্ড বা বিচিচিআইৰ টুইটাৰ একাউণ্টৰ পৰা ফটো আঁতৰাইছিল টুইটাৰে।