

ছানীৰ বিৰুদ্ধে ২৯ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ আনিছে এক অনুষ্ঠানৰ উদ্যোক্তাই। তেওঁলোকে দাখিল কৰা অভিযোগৰ ভিত্তিতে ছানী লিয়নীক সোধা–পোছা কৰে আৰক্ষীয়ে।


বিগত কিছুদিন ধৰি কেৰালাৰ পুভাৰত আছে ছানী। এফালে ছুটী কটোৱা, আনফালে চলিছে ছবিৰ শ্বুটিং! ইয়াৰ মাজতে ঘটিল বিপত্তি! শনিবাৰে এৰনাকুলাম ক্ৰাইম ব্ৰাঞ্চে ছানীৰ বক্তব্য ৰেকৰ্ড কৰে।


জনা গৈছে যে আৰ ছিয়াছ নামৰ এজন ইভেণ্ট মেনেজমেণ্ট কোম্পানীৰ কো–অৰ্ডিনেটৰে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। তেওঁৰ দাবী, ২০১৬ চনৰ পৰা কোচীত মুঠ ১২টা অনুষ্ঠানৰ উদ্বোধনৰ বাবে ২৯ লাখ টকা লৈছিল ছানী লিয়নীয়ে। কিন্তু এটা অনুষ্ঠানতো উপস্থিত নাথাকিল। অভিযোগৰ সৈতে ছিয়াছে অভিনেত্ৰীগৰাকীৰ সৈতে আৰ্থিক লেনদেনৰ তথ্যও জমা দিয়ে আৰক্ষীৰ হাতত।


জেৰাত টকা লোৱাৰ কথা স্বীকাৰ কৰিছে ছানীয়ে। কিন্তু কয় যে অন্তত ৫টা অনুষ্ঠানৰ ক্ষেত্ৰত সেই ইভেণ্ট কোম্পানীয়ে বাৰে বাৰে তাৰিখ পিছুৱাই দিছিল, যাৰ ফলত অনুষ্ঠানত যোগ দিব নোৱাৰিলে।