Sea Level Projection Tool নামৰ এক টুল আছে নাছাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থাটোৱে দাবী কৰিছে যে এই জোখ–মাপৰ টুলৰ সহায়ত সাগৰৰ বাস্তৱতা জানিব পৰা যাব। ভৱিষ্যতে সাগৰৰ পৰা আহিবলগীয়া যিকোনো ভয়ংকৰ দুৰ্যোগৰ আগতীয়া ভৱিষ্যদ্বাণী কৰিব পৰা যাব এই টুলৰ দ্বাৰা। নাছাই শেহতীয়াকৈ জলবায়ু পৰিৱৰ্তনৰ ওপৰত ইণ্টাৰগভৰ্মেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জক লৈ প্ৰতিবেদন দাখিল কৰিছে। এই প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ ১২খন উপকূলীয় চহৰ চিৰদিনৰ বাবে পানীৰ তললৈ যাব পাৰে। আই পি চি চিৰ প্ৰতিবেদন অনুসৰি, ভাৰত এতিয়া যথেষ্ট বিপদত আছে। নাছাই প্ৰতি ৫–৭ বছৰত আইপিচিচি প্ৰতিবেদন প্ৰকাশ কৰে। এইবাৰৰ প্ৰতিবেদন আছিল শংকাজনক। ইয়াত কোৱা হৈছে যে ২১০০ চনলৈ বিশ্বৰ তাপমাত্ৰা যথেষ্ট বৃদ্ধি পাব। সাগৰৰ স্তৰো বৃদ্ধি হ'ব। আইপিচিচিৰ প্ৰতিবেদনত কোৱা হৈছে যে পৰৱৰ্তী দুটা দশকত বিশ্বত গড় তাপমাত্ৰা ১.৫ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পাব। পানীৰ স্তৰ বৃদ্ধি হোৱাৰ লগে লগে ভাৰতৰ ১২খন উপকূলীয় চহৰ পৰৱৰ্তী শতিকাত পানীৰ তললৈ যাব পাৰে। নাছাই এইটোও দাবী কৰিছে যে বহুতো দেশৰ ক্ষেত্ৰফলৰো হীন–ডেঢ়ি হ'ব পাৰে। মুম্বাই, মাংগালুৰু, চেন্নাই, টুটোকোৰিন, কোচি, ভাৱনগৰ, ওখা, কান্দলা, মৰ্মুগাঁও, বিশাখাপট্টনম হৈছে আটাইতকৈ বেয়া বিপদৰ মাজত পৰিব পৰা চহৰ। নাছাই দাবী কৰিছে যে পাৰাদীপ আৰু চুবুৰীয়া অঞ্চলো পানীৰ তললৈ যাব পাৰে।