জল্পনা–কল্পনাৰ অৱসান! স্পুটনিক ভেকচিনৰ বাবে ৰাছিয়া–ভাৰতৰ অনুষ্ঠানিক যোগাযোগ আৰম্ভ হৈ গৈছে। চৰকাৰী সূত্ৰ মতে, মঙলবাৰে পুৱাই ৰাছিয়ান প্ৰতিনিধিয়ে ভাৰত চৰকাৰৰ সৈতে ৰাছিয়াৰ কোভিড ভেকচিন স্পুটনিকৰ তথ্যক লৈ আনুষ্ঠানিৰকভাৱে যোগাযোগ স্থাপন কৰিছে। কিছুদিন ধৰি মস্কোৰ ভাৰতীয় দূতাবাসৰ ফালৰ পৰা Gamaleya Research Institute আৰু Russian Defence Ministryৰ সৈতে কথাবাৰ্তা চলোৱা হৈছিল এই ভেকচিনক লৈ। চোৱা হৈছিল পৰীক্ষণ আৰু কাৰ্যকাৰিতাৰ তথ্য। আইচিএমআৰ আৰু বায়’টেকন’লজী ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও ভেকচিনক সন্দৰ্ভত তথ্য পৰীক্ষা কৰে। ৰাছিয়াই দাবী কৰিছিল যে যি দেশসমূহে ৰাছিয়াৰ ভেকচিনৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিছে তাৰ ভিতৰত ভাৰতো আছে। কোৰোণা ভেকচিন কেতিয়া আহিব তাক লৈ চিন্তাত সমগ্ৰ বিশ্ব, সেই সময়তে ভাল খবৰটো দিলে ৰাছিয়াই। ১১ আগষ্টত ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে জনায় যে ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰণালয়ে এই ভেকচিনত অনুমোদন জনাইছে।