সৰু পৰ্দাৰ চিনাকী মুখ শ্ৰীবাণী। অভিনেত্ৰীগৰাকীৰ মৃতদেহ বুধবাৰে বাথৰুমৰ দৰ্জা ভাঙি উদ্ধাৰ কৰা হয়। পৰিয়ালৰ অভিযোগ- বন্ধুৰ ভাবুকি, শাৰীৰিক নিৰ্যাতন আৰু ব্লেকমেইলিঙৰ ফলত এনেদৰে নিজৰ জীৱন শেষ কৰিলে অভিনেত্ৰীগৰাকীয়ে। তেলেগু টিভি অভিনেত্ৰীগৰাকী তেওঁৰ হায়দৰাবাদস্থিত ঘৰতে ৮ ছেপ্তেম্বৰৰ নিশা নিজৰ জীৱন শেষ কৰে। ইতিমধ্যে অভিনেত্ৰীগৰাকীৰ মৃতদেহ অন্তিম সত্কাৰৰ বাবে চিকিত্সালয়লৈ নিয়া হৈছে। পৰিয়ালৰ ফালৰ অভিযোগ কৰা হৈছে যে, বন্ধু দেৱৰাজ ৰেড্ডীয়ে কিছুদিন ধৰি শাৰীৰিক, মানসিক ভাবে নিৰ্যাতন চলাই আহিছিল অভিনেত্ৰীগৰাকীক। অভিনেত্ৰীগৰাকীক কিছুমান গোপন কথা ৰাজহুৱা কৰা হ’ব বুলি ব্লেকমেইলিং কৰি আছিল দেৱৰাজ ৰেড্ডী নামৰ যুৱকজনে। এনেদৰে অভিযোগ কৰে পৰিয়ালৰ লোকে।