সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাত ড্ৰাগছ বা নিষিদ্ধ মাদক দ্ৰব্য সৰবৰাহ চক্ৰৰ গোন্ধ পাইছে ইডিয়ে! পোহৰলৈ আহিছে কিছু হোৱাট্ছএপ মেছেজ। সেইসমূহ আদান–প্ৰদান হৈছিল ৰিয়া চক্ৰৱৰ্তী, সুশান্তৰ হাউছ মেনেজাৰ ছেমুৱেল মিৰাণ্ডা, জয়া সাহা আৰু গোৱাৰ হোটেল ব্যৱসায়ী গৌৰৱ আচাৰ্যৰ মাজত। সেই চাটসমূহত মাৰিজুৱানা, এমডিএমএ, সিবিডি ৱালৰ দৰে বিভিন্ন নিষিদ্ধ মাদক দ্ৰৱ্যৰ নাম উল্লেখ আছিল। লগতে ৰিয়া আৰু ভাতৃ সৌভিকৰ মাজত কিছু মেছেজ বিনিময় হৈছিল য’ত সাংকেতিক ভাষা প্ৰয়োগ কৰা হৈছিল।