যোৱা শনিবাৰে কৰ্ণাটকৰ হাবেৰী জিলাৰ পৰা এজন ২১ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে, নিজৰ মাতৃক ধৰ্ষণ কৰি হত্যা কৰিলে যুৱকজনে। আৰক্ষীৰ তৰফৰ পৰা জনোৱা মতে, যুৱকজনৰ নাম শিভাপ্পা। আৰক্ষীৰ জেৰাত এতিয়া স্বীকাৰ কৰিছে অপৰাধৰ কথা। আৰক্ষীয়ে জনাইছে যে, যুৱকজনৰ সৈতে নিজ মাতৃৰ আছিল শাৰীৰিক সম্পৰ্ক। শিভাপ্পাৰ দেউতাকৰ মৃত্যু হৈছিল যোৱা বছৰ। তাৰ পিছৰ পৰাই নিজৰ বিধৱা মাতৃৰ সৈতে যৌন সম্পৰ্ক আৰম্ভ কৰে যুৱকজনে। কেৱল পুত্ৰৰ সৈতেই নহয়, অন্য বহু লোকৰ সৈতেইওমহিলাগৰাকীৰ শাৰীৰিক সম্পৰ্ক আছিল। মাতৃৰ এই পৰকীয়া প্ৰেমৰ সম্পৰ্ককলৈ অসন্তুষ্ট আছিল শিভাপ্পা। সি বিচাৰিছিল, মাতৃয়ে কেৱল তাৰ সৈতেই সম্পৰ্ক বজাই ৰাখক। সেই কথা আনকি বহুবাৰ মাককো কৈছিল শিভাপ্পাই। কিন্তু তাৰ পিছতো মাকে মনে মনে অন্য পুৰুষৰ সৈতে ৰক্ষা কৰিছিল শাৰীৰিক সম্পৰ্ক। যোৱা ১৩ নৱেম্বৰত এজন আত্মীয়ৰ ঘৰলৈ যাব বুলি মাতৃৰ সৈতে ঘৰৰ পৰা ওলাই শিভাপ্পা। নিজে মদ্যপান কৰাৰ লগতে মাতৃকো মদ খাবলৈ বাধ্য কৰিছিল। আৰু এক নিৰ্জন ঠাইত মাতৃক ডিঙি চেপি হত্যা কৰে যুৱকজনে।