অভাৱে স্বভাৱ নষ্ট কৰে! চুৰি কাৰ্যত লিপ্ত হ’ল এগৰাকী কিশোৰ। মোবাইল ফোন নথকাৰ বাবে অনলাইনত পাঠ গ্ৰহণৰ পৰা বঞ্চিত হোৱা এজন কিশোৰে কৰিলে মোবাইল চোৰ। ১৩ বছৰীয়া কিশোৰজনৰ ঘৰ চেন্নাইত। এখন চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰে কিশোৰজনে। দেউতাকৰ আছে এখন সৰু চাহৰ দোকান। কিন্তু ল’ক ডাউনৰ পিছৰে পৰা এতিয়া অভাৱত দিন পাৰ কৰিবলগীয়া হৈছে পৰিয়ালটোৱে। যোগাৰ কৰিব পৰা নাই এটা মোবাইল ফোন। সেয়েহে কিশোৰজন বঞ্চিত হ’বলগীয়া হৈছিল কিশোৰজন। তাৰ পিছতে এক প্ৰকাৰ বাধ্য হৈ ঘৰৰ ওচৰৰে দুটা চোৰৰ সৈতে লগ লাগি মোবাইল ফোন চোৰ কৰাৰ অভিসন্ধি ৰচনা কৰে কিশোৰজনে। দুয়োটা চোৰেও সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মোবাইল চোৰ কৰি দিয়াৰ সপোন দেখুৱাই কিশোৰজনক নিজৰ গেঙত চামিল কৰালে দুয়োটা চোৰে। ব্যৱহাৰ কৰিলে নিজৰ ধান্দাত। শনিবাৰে মোবাইল ফোনৰ অভাৱৰ বাবে ক্লাছ কৰিব নোৱাৰা কিশোৰজনে মোবাইল চোৰ কৰিবলৈ এখন দোকানলৈ সোমাই যায়। কিন্তু ধৰা পৰাৰ পিছত দোকানৰ মালিকে আৰক্ষীক গটাই দিয়ে কিশোৰজনক। যেতিয়া আৰক্ষীয়ে সোধা-পোছা কৰে, তেতিয়া কিশোৰজনে সকলো কথা বিৱৰি কয়। কিদৰে মোবাইল অভাৱত ক্লাছৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে, ঘৰৰ আৰ্থিক অৱস্থা আদি সকলো কথা কয় আৰক্ষীৰ আগত। আৰু তেতিয়াই আৰক্ষীয়ে কিশোৰজনক এটা নতুন ফোন ক্ৰয় কৰি দিয়ে।