জনপ্ৰিয় সংগীত শিল্পী কেকেৰ মঙলবাৰে নিশা মৃত্যু হয়৷ কেকেৰ সম্পূৰ্ণ নাম কৃষ্ণকুমাৰ কুন্নাথ৷ দক্ষিণত জন্মগ্ৰহণ কৰা কেকে দিল্লীত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ প্ৰথম এলবাম পল। যিয়ে তেওঁক জনপ্ৰিয়তাৰ শীৰ্ষলৈ লৈ গৈছিল। হাম ৰহে জা না ৰহে, য়াৰো দোস্তি গানবোৰে শ্ৰুতাৰ হৃদয়ত এক নতুন জোৱাৰৰ সৃষ্টি কৰিছিল। ৯০ দশকৰ পৰা মৃত্যুৰ আগলৈকে গীতেৰে অনুৰাগীক মোহাচন্ন কৰি ৰাখিছিল কেকেই।
কেকে দিল্লীৰ মাউণ্ট ছেইণ্ট মেৰী স্কুলত পঢ়িছিল৷ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ কিৰোৰী মাল কলেজৰ পৰা বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল৷ তেওঁ দ্বিতীয় শ্ৰেণীৰ পৰা মঞ্চত গান গাবলৈ আৰম্ভ কৰিছিল। তেওঁ কিশোৰ কুমাৰ আৰু ৰাহুল দেৱ বৰ্মনৰ অনুৰাগী আছিল৷ জানিব পৰা গৈছে যে কলেজত তেওঁ প্ৰায়ে 'শোলে' বোলছবিৰ 'মেহবুবা' গানটো গাইছিল৷ হিন্দীৰ উপৰিও, কেকে-য়ে তামিল, তেলেগু, কানাড়া, মালায়ালম, মাৰাঠী, বাংলা আৰু গুজৰাটী চলচ্চিত্ৰত গান গাইছে।