সুশান্তৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চিবিআইৰ সোধা–পোছাত লাহে লাহে মুখ খুলিবলৈ আৰম্ভ কৰিছে বহুতেই। সুশান্তৰ বন্ধু সিদ্ধাৰ্থ পিথানীয়ে ক’লে কিদৰে ৰিয়াৰ হাতলৈ আহিছিল মাদক দ্ৰব্য। চিবিআইৰ সূত্ৰত প্ৰকাশ, বহু নতুন তথ্য পোহৰলৈ আহিছে সোধা–পোছাত। (File Image) সূত্ৰ অনুসৰি, ৰিয়া চক্ৰৱৰ্তীৰ মাদক দ্ৰব্য ব্যৱসায়ীৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ ৰখা নাছিল। ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে পৰোক্ষভাৱে আছিল যোগাযোগ। এনে এন লোকৰ সৈতে যোগাযোগ আছিল যাৰ বলীউদৰ সৈতে আছিল ভাল যোগাযোগ আৰু প্ৰভাৱ। এই কথা জনালে পিথানীয়ে। (File Image) সূত্ৰ অনুসৰি, পোনপটীয়াকৈ মাদক দ্ৰব্য কিনা নাছিল ৰিয়াই। তাৰ সলনি নীৰজ, দীপেশৰ দৰে সৰবৰাহকাৰীৰ পৰা লৈছিল মাদক দ্ৰব্য। (File Image) সেয়েহে ঘটনাৰ তথ্য বিচাৰি গোৱাৰ ব্যৱসায়ী গৌৰৱ আৰ্যক তলব কৰিছে চিবিআই। সোমবাৰে বিয়লি মুম্বাইত উপস্থিত হ’ব গৌৰৱ। তাতেই চিবিআই আৰু নাৰ্ক’টিক ব্যূৰ’ই সোধা–পোছা কৰিব তেওঁক। (File Image) ইয়াৰ আগতে অভিযোগ উঠিছিল যে সুশান্ত সিং ৰাজপুতক মাদক দ্ৰব্য যোগান ধৰিছিল ৰিয়াই। নিয়মিত মাদক দ্ৰব্য সৰবৰাহকাৰীৰ সৈতে যোগাযোগ ৰাখিছিল ৰিয়াই। কিন্তু সুশান্তৰ বন্ধু সিদ্ধাৰ্থ পিথানীয়ে এই আন এক মন্তব্য কৰিছে। (File Image)