পৰ্ণগ্ৰাফীৰ গোচৰত যোৱা ২ মাহ ধৰি কাৰাগাৰত থকা শিল্পা চেট্টী (Shilpa Shetty)ৰ স্বামী ৰাজ কুন্দ্ৰা (Raj Kundra)ক সোমবাৰে মুম্বাইৰ দণ্ডাধীশৰ আদালতে জামিন প্ৰদান কৰে, যাৰ পিছত তেওঁ আজি কাৰাগাৰৰ পৰা ওলাই আহে। মুখ্য মেট্ৰ'পলিটান মেজিষ্ট্ৰেট এছ বি ভাজিপালে ৫০,০০০ টকাৰ বণ্ডত কুন্দ্ৰাৰ জামিন আবেদন গ্ৰহণ কৰে। পুৱা প্ৰায় ১১:৩০ বজাত মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত ন্যায়িক জিম্মাত থকা ৪৬ বছৰীয়া ৰাজ কুন্দ্ৰা এতিয়া কাৰাগাৰৰ বাহিৰত আছে। (ফটো সৌজন্যঃ ভাইৰেল ভায়ানি)