স্বাধীন ভাৰতৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে ফাঁচী কাঠত ওলমিব দেশৰ এগৰাকী মহিলা। ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়ে আমৰোহাৰ বাসিন্দা শ্বৱনমক ফাঁচী শাস্তি দিয়া সম্পৰ্কত শুনানি গ্ৰহণ কৰিছে। মথুৰাস্থিত উত্তৰ প্ৰদেশৰ একমাত্ৰ মহিলা ফাঁচীঘৰত ফাঁচী প্ৰদান কৰা হ'ব শ্বৱনম।| এতিয়ালৈ দিন ঘোষণা কৰা হোৱা নাই যদিও ইয়াৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰি তোলা হৈছে।
কিন্তু আপোনাৰ মনতো প্ৰশ্ন উত্থাপন হৈছে চাগে কিহৰ বাবে শ্বৱনমক দিয়া হ'ব এই চৰম শাস্তি ? কি এনে ঘৃণনীয়,নৃশংস কাণ্ড সংঘটিত কৰিছিল শ্বৱনমে। দৰাচলতে ২০০৮ চনৰ ঘটনা এয়া। উত্তৰ প্ৰদেশৰ আমৰোহাৰ বাংখেদি গাঁৱৰ শিক্ষক চৌকত আলীয়ে পুতেক অনীছ, ৰচিদ, বোৱাৰী অঞ্জুম আৰু একমাত্ৰ কন্যা শ্বৱনমৰ সৈতে একেখন ঘৰতে বাস কৰিছিল। তেওঁলোকৰ আছিল এটা সুখী হাঁহি–ফূৰ্তিৰে ভৰি থকা পৰিয়াল। শ্বৱনমৰ দেউতাকে একমাত্ৰ জীয়ৰীক আলাসেৰে ডাঙৰ-দীঘল কৰিছিল। লগতে শ্বৱনমক ভাল শিক্ষাও প্ৰদান কৰিছিল। যাৰ বাবে শ্বৱনমে এগৰাকী শিক্ষামিত্ৰ হিচাপে নিযুক্তি লাভ কৰিছিল।
এইবোৰৰ মাজতে শিক্ষিত শ্বৱনমে মাত্ৰ অষ্টম শ্ৰেণীলৈ পঢ়া চেলিমৰ সৈতে প্ৰেমত পৰিছিল। দুয়োগৰাকী আছিল বেলেগ বেলেগ মুছলমান সম্প্ৰদায়ৰ লোক। ফলত দুয়োৰে বিবাহত বাধাৰ সৃষ্টি হৈছিল। কিন্তু দুয়োগৰাকীয়ে বিবাহ পাশত আৱদ্ধ হ'ব বিচাৰিছিল। কিন্তু তেওঁলোকৰ সম্পৰ্ক পৰিয়ালৰ সদস্যসকলৰ বাবে এই সম্পৰ্ক গ্ৰহণযোগ্য নাছিল কিয়নো শ্বৱনম আছিল ছেইফি আৰু চেলিম আছিল পাঠান সম্প্ৰদায়ৰ।
পৰিয়ালৰ বিৰোধিতা স্বত্বেও দুয়োগৰাকীয়ে সকলো আওকান কৰিছিল আৰু শ্বৱনমে তাইৰ প্ৰেমিকক নিজৰ ঘৰত মাতিবলৈ আৰম্ভ কৰিছিল। যাৰ বিৰোধিতা কৰিছিল পৰিয়ালৰ সদস্যসকলে। তাৰ পিছত, শ্বৱনমে সিঁহতৰ প্ৰেমৰ সেই ৰাস্তাৰ পৰা তাইৰ পৰিয়ালক আঁতৰ কৰিবলৈ টোপনি অহা টেবলেট দিবলৈ আৰম্ভ কৰিলে। তাৰ পিছত, ২০০৮ চনৰ ১৪ এপ্ৰিলত শ্বৱনমে তেওঁৰ প্ৰেমিক চেলিমৰ সৈতে মিলিত হৈ এক ষড়যন্ত্ৰ ৰচি নিজৰ পৰিয়ালৰ সদস্যসকলক টোপনিত থকা অৱস্থাতে কুঠাৰেৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰিছিল। আৰক্ষীয়ে সমগ্ৰ ঘটনা সম্পৰ্কে কৰা অনুসন্ধানত সকলো সত্যলৈ পোহৰলৈ আহিছিল।
কাৰাগাৰতেই চেলিমৰ সৈতে এটা সন্তানো জন্ন দিয়ে শ্বৱনমে। বৰ্তমান শ্বৱনম আৰু চেলিমৰ পুত্ৰ সন্তান তাজ এতিয়া এটি ১২ বছৰীয়া এটা শিশু। শ্বৱনৰ কলেজীয়া দিনৰ বন্ধু চেইফে তাজৰ চোৱা-চিতাৰ দায়িত্ব লৈছে আৰু বৰ্তমান তাজ তেওঁলোকৰ লগতে আছে। এইসমূহ ঘটনা মাজতো আইনী প্ৰক্ৰিয়া আগবাঢ়ি গ'ল আৰু সমগ্ৰ সত্য পোহৰলৈ আহিল | শ্বৱনম বৰ্তমান বৰেলীৰ কাৰাগাৰতে কাৰাবন্দী হৈ আছে। আনহাতে শ্বৱনমৰ প্ৰেমিক চেলিম, যাৰ সৈতে লগ লাগি শ্বৱনমে এই নৃশংস গণহত্যা সংঘটিত কৰিছিল সিও বৰ্তমান আগ্ৰা কাৰাগাৰতে আছে।
শ্বৱনম আৰু চেলিমক পৰিয়ালৰ লোকক এনেদৰে হত্যা কৰাৰ বাবে ফাঁচীৰ শাস্তি প্ৰদান কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। ন্যায়ালয়ৰ এই ৰায়ৰ পাচত শ্বৱনমে ৰাষ্ট্ৰপতিলৈও ক্ষমা বিচাৰি আবেদন প্ৰেৰণ কৰিছিল। কিন্তু ৰাষ্ট্ৰপতি ভৱনৰ পৰা খাৰিজ কৰা হৈছিল সেই আৱেদন । কাৰাগাৰৰ অধীক্ষকৰ মতে, যিহেতু দুয়োৰে ফাঁচীৰ দিন বৰ্তমানেও ঘোষণা কৰা হোৱা নাই । তেনেস্থলত ডেথ ৱাৰেণ্ট অহাৰ লগে লগেই শ্বৱনম আৰু চেলিমক ফাঁচী প্ৰদান কৰা হ'ব। ইতিমধ্যে ফাঁচীৰ বাবে ৰচীৰ অৰ্ডাৰ কৰা হৈছে। পৱন জাল্লাদে ফাঁচী প্ৰদান কৰিব। শ্বৱনমক একমাত্ৰ মহিলা ফাঁচীঘৰ মথুৰা ফাঁচীঘৰত ফাঁচী প্ৰদান কৰা হ'ব। অৱশ্যে, চেলিমক ক'ত ফাঁচী দিয়া হ'ব সেই সম্পৰ্কত এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই।