প্ৰধানমন্ত্ৰী মোদীয়ে পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ প্ৰভাত তাৰা খেলপথাৰত যোগ কৰে। এই উপলক্ষ্যত
অজস্ৰজনৰ লগতে মোদীক সংগ দিয়ে ঝাৰখণ্ডৰ ৰাজ্যপাল দ্ৰুপদী মূৰ্মূ তথা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰঘুবৰ দাসে। যোগ কৰাৰ পূৰ্বে মোদীয়ে এক সৰু ভাষণো সম্বোধন কৰে।
তেওঁ যোগৰ মাহাত্ম্যৰ বিষয়ে ৰাইজক জনায়। ইয়াৰ লগতে যোগ কৰাৰ সময়ত দেখা গৈছিল প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিটো আসন
অত্যন্ত নিপুণতাৰে কৰাৰ দৃশ্য। চাওক প্ৰধানমন্ত্ৰীৰ যোগ মুদ্ৰাৰ বিশেষ ছবি।

ৰাঁচীৰ প্ৰভাত তাৰা খেলপথাৰত যোগাভ্যাসৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে সৰ্বপ্ৰথমে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।

তেওঁ কয় যোগক সৰ্বসাধাৰণৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত মিডিয়া আৰু ছচিয়েল মিডিয়াৰ সৈতে জৰিত ব্যক্তিসকল ধন্যবাদৰ পাত্ৰ।

ছচিয়েল মিডিয়াৰ সৈতে জৰিত ব্যক্তিসকলে যিদৰে যোগৰ সৈতে জৰিত গুৰুত্বপূৰ্ণ তথ্য ৰাইজৰ মাজলৈ লৈ গৈছে সেয়া অতিশয় গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, মই এতিয়া যোগক চহৰৰ পৰা গাঁবলৈ লৈ যাব লাগিব। আমি সংকল্প ল’ব লাগিব যে আমি যোগক দৰিদ্ৰ
আৰু আদিবাসীসকলৰ মাজলৈকো লৈ যাম।

যোগ যেতিয়া দৰিদ্ৰ আৰু আদিবাসীসকলৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিব তেতিয়া প্ৰত্যেকখন দেশৰ প্ৰতিজন ব্যক্তি সুস্বাস্থ্যবান হৈ থাকিব। তেওঁ কয় যে বেমাৰ–আজাৰৰ কাৰণে দৰিদ্ৰসকলেই সকলোতকৈ বেছি কষ্ট খায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পৰিৱৰ্তিত সময়ৰ সৈতে সংগতি ৰাখি প্ৰতিজন ব্যক্তিয়েই বেমাৰৰ পৰা ৰক্ষা পোৱাৰ লগতে সুস্বাস্থ্যৰ ওপৰতো গুৰুত্ব প্ৰদান কৰক।

যোগৰ দ্বাৰা আমি সকলোধৰনৰ শক্তি লাভ কৰো। এই ভাৱনাৰে যোগ আৰু পৌৰাণিক ভাৰতীয় দৰ্শন আগবাঢ়ি গৈছে। কেৱল আধাঘণ্টা ভূমি বা মেটৰ ওপৰত থকাই যোগসাধনাৰ সময় নহয়।

প্ৰধানমন্ত্ৰীয়ে কয়, যোগ বয়স, ৰং, জাতি, সম্প্ৰদায়, মত, পন্থা, ধনী–দুখীয়া, প্ৰদেশ, সীমান্ত সকলোৰে উৰ্ধত।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যোগে সকলো ৰোগৰ নাশ কৰে, প্ৰধানমন্ত্ৰীগৰাকীয়ে পঞ্চমবাৰলৈ এনেদৰে যোগৰ ৰাজহুৱা কাৰ্যসূচীত অংশ লয়।

এই কাৰ্যসূচীত প্ৰতিবিধ সামগ্ৰী ইক’ ফ্ৰেণ্ডলী ব্যৱহাৰ কৰাৰ কথা জনোৱা হয়। আনকি যোগৰ মেটকেইখনো আছিল খাদীৰ।

খেলপথাৰত ডাঙৰ ডাঙৰ টিভি স্ক্ৰীণৰ ব্যৱস্থা কৰা হৈছিল যাতে কোনোবাই কিবা মুদ্ৰা বুজি নাপালে টিভিৰ পৰ্দাত চাই কৰিব পাৰে।