

অযোধ্যা, ৰামৰ নগৰী অযোধ্যাত আজি দীপাৱলীৰ আয়োজন চলিছে। সমগ্ৰ অযোধ্যাত উৎসৱৰ উন্মাদনা। এফালে চাৰে পাঁচ লাখ বন্তি প্ৰজ্বলন কৰি এই কাৰ্যসূচীক ঐতিহাসিক কৰি তোলাৰ প্ৰস্তুতি, আনফালে সমগ্ৰ অযোধ্যাক ৰং–বিৰঙৰ পোহৰৰৈ উজলাই তোলা হৈছে।


অযোধ্যাত দীপাৱলীৰ প্ৰস্তুতিক লৈ ড্ৰোণৰ ফটো পোহৰলৈ আহিছে। ফটোত সৰযুৰ পাৰত চলা প্ৰস্তুতিৰ আকৰ্ষণ দেখা গৈছে।


আজি ৰামায়ণৰ ১১ প্ৰসংগৰ ওপৰত আধাৰিত প্ৰতীকপট সমদল উলিওৱা হ’ব, যি ছাকেট মহাবিদ্যালয়ৰ পৰা ৰাম কথা পাৰ্কলৈ যাব। বিয়লি ৩.৩০ বজাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৰামললাৰ দৰ্শন কৰিব। ৰামললাৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দীপোৎসৱৰ শুভাৰম্ভ কৰিব।


ইয়াৰ পৰা মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৪ বজা ৰাম কথা পাৰ্কত উপস্থিত হ’ব। ৰামকথা পাৰ্কত ভগৱান ৰাম, মাতা সীতাক স্বাগতম জনাব। ইয়াৰ পিছত ভগৱান ৰামৰ ৰাজ্য অভিষেক হ’ব।


সন্ধিয়া ৫ বজাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেলে সৰযুৰ পাৰত উপস্থিত হ’ব আৰু আৰতি কৰিব।


উল্লেখযোগ্য যে আজি অযোধ্যাত বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে ৫ লাখ ৫১ হাজাৰ বন্তি প্ৰজ্বলন কৰা হ’ব।


উল্লেখযোগ্য যে ৰঘুনন্দনৰ স্বাগতম উপলক্ষে অযোধ্যাত দেখা যাব সংস্কৃতিৰ সমাহাৰ। গুজৰাটৰ পৰা বুন্দেলখণ্ডলৈ ৭টা সংস্কৃতি প্ৰদৰ্শিত হ’ব সৰযুৰ পাৰত।


যোগী চৰকাৰে এই দীপোৎসৱ বিশেষ কৰি তুলিবলৈ গুজৰাট, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, ৰাজস্থান, উত্তৰাখণ্ড, ব্ৰজ আৰু বুন্দেলখণ্ডৰ লোকশিল্পীৰ লগতে স্থানীয় শিল্পীকো আমন্ত্ৰণ জনাইছে।


বিশ্বজুৰি আকৰ্ষণ আৰু কৌতুহলৰ কেন্দ্ৰবিন্দু হৈ পৰা অযোধ্যাত দীপাৱলীৰ জৰিয়তে যোগী চৰকাৰে সমগ্ৰ বিশ্বকে ভাৰতৰ সংস্কৃতি আৰু বৈভৱৰ বতৰা দিব।