দেশৰ চৰকাৰী তেল কোম্পানীয়ে পহিলা নৱেম্বৰৰ পৰা সলনি কৰা গেছ চিলিণ্ডাৰৰ নিয়ম বৰ্তমানলৈ স্থগিত ৰাখিছে। Delivery Authentication Code -DAC বৰ্তমান স্থগিত ৰখা হৈছে। যদি কোনো গ্ৰাহকৰ মোবাইল নম্বৰ গেছ কানেকশ্যনৰ সৈতে লিংক কৰা নাথাকে তেন্তে চিন্তাৰ কাৰণ নাই। প্ৰায় ৩০ শতাংশ গ্ৰাহকে পূৰ্বৰে পৰা গেছ কানেকশ্যন মোবাইল নম্বৰৰ সৈতে লিংক কৰিছে। মানি কন্ট্র’লৰ খবৰ অনুসৰি, Delivery Authentication Code -DAC বৰ্তমান স্থগিত ৰখা হৈছে। এজন জ্যেষ্ঠ বিষয়াই জনাইছে, গ্ৰাহকসকলে DAC কৰাব পাৰিব, কিন্তু এয়া বাধ্যতামূলক কৰা হোৱা নাই। অৰ্থাৎ সম্পূৰ্ণ বিষয়টো গ্ৰাহকৰ ওপৰত নিৰ্ভৰ কৰিব। গ্ৰাহকৰ মোবাইল নম্বৰ গেছ কানেকশ্যনৰ সৈতে লিংক নাথাকিলে মোবাইলত DAC নাহে। কিছু প্ৰযুক্তিগত সমস্যা আছে, যাৰ বাবে বৰ্তমান এই নিয়ম বাধ্যতামূলক কৰা হোৱা নাই। পহিলা নৱেম্বৰৰ পৰা দিল্লী–এনচিআৰ আৰু ১০০ খন স্মাৰ্ট চিটীত চিলিণ্ডাৰ ডেলিভাৰীৰ সময়ত DAC কোড দেখুৱাটো বাধ্যতামূলক কৰি দিয়া হৈছিল। DAC কোডৰ যোগেদি বুকিং কৰিলে চিলিণ্ডাৰ ডেলিভাৰীৰ সময়ত মোবাইল নম্বৰত অ’টিপি আহিব। ডেলিভাৰী বয়ক সেই অ’টিপি নম্বৰ দিব লাগিব। ইয়াৰ পিছত আপোনাক চিলিণ্ডাৰ দিয়া হ’ব। যদি কোনো গ্ৰাহকৰ মোবাইল নম্বৰ ৰেজিষ্টাৰ্ড নাথাকে তেন্তে এপৰ যোগেদি আপডেট কৰিব পাৰিব। এই এপ ডেলিভাৰী বয়ৰ ওচৰতো থাকিব। নম্বৰ আপডেট কৰাৰ পিছত অ’টিপি জেনেৰেট হ’ব।