পুত্ৰই প্ৰতিদিনে মদ্যপান কৰে। ফলত প্ৰায়ে মাতৃৰ পৰা গালি শুনিবলগীয়া হৈছিল পুত্ৰই। কিন্তু হোৱা নাছিল বিশেষ লাভ। প্ৰতিদিনে বাঢ়ি গৈছিল অশান্তি। আৰু শেষ পৰিণতি হৈ পৰিল অতি ভয়ংকৰ। সুৰাপান নকৰিবলৈ মাতৃয়ে সকীয়াই দিয়াৰ পিছতে খং উঠিল পুত্ৰৰ। লগে লগে মাতৃক হত্যা কৰি, চিতাৰ জুইত মাংস ৰান্ধি খালে পুত্ৰই। এই নৃশংস ঘটনাটো সংঘটিত হৈছে ঝাৰখণ্ডত। শুকুৰবাৰে নিশা মদ খাই ঘৰলৈ আহি মাতৃক হত্যা কৰে অভিযুক্ত প্ৰধান সয়ে। মাতৃ চুমী সয়ে পুত্ৰক ককৰ্থনা কৰিছিল। আৰু তেতিয়াই উত্তেজিত হৈ মাতৃক এডাল লাঠীৰে প্ৰহাৰ কৰে প্ৰধানে। আৰু কিছু সময়ৰ পিছতে মাতৃ ঢলি পৰে মাটিত। প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীক জনাই যে, মাতৃৰ মৃত্যুত কোনো ধৰণৰ শোক নাছিল পুত্ৰৰ। ঘৰৰ পৰা কিছু দূৰত চিতা সাজি মাতৃৰ দেহ দাহ কৰি সেই জুইতে মাংস ৰান্ধি মদৰ সৈতে ভক্ষণ কৰে অসুৰ ৰূপী পুত্ৰই। আনকি সেইদিনা মাতৃৰ শৰীৰ ভালদৰে দাহ নোহাৱাত শনিবাৰে পুৱা তেল ঢালি জুই লগাবলৈ চেষ্টা কৰোতেই স্থানীয় লোকে দেখে সমগ্ৰ দৃশ্য। লগে লগে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে অভিযুক্ত পুত্ৰ প্ৰধানক গ্ৰেপ্তাৰ কৰে। ইমানতে শেষ হোৱা নাই, আৰক্ষীৰ আগত প্ৰধানে কোৱা মতে, ৪ বছৰৰ পূৰ্বে নিজৰ পিতৃক হত্যা কৰিছিল প্ৰধানে।