কৰ্ণাটকত স্কুল খোলাৰ পিছতে কোৰোণাত আক্ৰান্ত হয় বহু ছাত্ৰ-ছাত্ৰী। ব্ৰিটেইনতো দেখা গৈছিল অনুৰূপ দৃশ্য। গতিকে এই ক্ষেত্ৰত সিদ্ধান্ত ল’ব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে। নীতি আয়োগে বিচাৰিছে, আগতে শিক্ষকক দিয়া হওক কোৰোণাৰ টিকা, তাৰ পিছতহে খোলক বিদ্যালয়। মঙলবাৰে নীতি আয়োগৰ সদস্য ভি কে পলে জনাইছে যে, স্কুল খোলাৰ আগত শিক্ষক-কৰ্মচাৰীক টিকা দিয়া হ’ব। টিকাৰ আওতালৈ আহিব শিক্ষকৰ ঘৰৰ লোকসকলো। ইয়াৰ পিছতে ১২-১৮ বছৰৰ ছাত্ৰ-ছাত্ৰীক দিয়া হ’ব কোৰোণাৰ টিকা। কেন্দ্ৰীয় চৰকাৰে জনাইছে যে, অহা ১৩ জানুৱাৰীৰ পৰা দেশথ আৰম্ভ হ’ব টিকাকৰণ। প্ৰথমে দিয়া হ’ব ৩০ কোটি লোকক। ইয়াৰ মাজত আছে চিকিত্সক, নাৰ্ছ, আৰক্ষী তথা কোৰোণাৰ বিৰুদ্ধে যুঁজত যিসকল প্ৰত্যক্ষ ভাবে জড়িত থকা লোকসকল। ইফালে ৰাজ্যত যোৱা ১ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে বিদ্যালয়ৰ স্বাভাৱিক পাঠদান। কিন্তু যদি কেন্দ্ৰীয় চৰকাৰে শিক্ষকক কোৰোণা প্ৰতিৰোধী টিকা প্ৰদান কৰাৰ পিছতহে বিদ্যালয় খোলাৰ ক্ষেত্ৰত সিদ্ধান্ত লয়, তেতিয়া ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব, সেয়া হ’ব লক্ষণীয়।