ভাৰতত কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৱে মাৰাত্মক ৰূপ ধাৰণ কৰিছে। সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ৰিপৰ্ট মতে, বিগত ২৪ ঘণ্টাত দেশজুৰি কোৰোণা ভাইৰাছত আক্ৰান্ত হৈছে ১ লাখ ৬৮ হাজাৰ ৯১২গৰাকী লোক। বিগত এদিনত মৃত্যু হৈছে ৯০৪গৰাকী লোকৰ। অক্টোবৰৰ পিছত এই সংখ্যা সৰ্বাধিক। দেশজুৰি এতিয়ালৈকে কোৰোণাত মৃত্যু হৈছে ১ লাখ ৭০ হাজাৰ ১৭৯ গৰাকী লোকৰ। ইয়াৰ মাজতে মহাকুম্ভৰ পুণ্যস্নানত অংশ লৈছে হাজাৰ হাজাৰ ভক্তই। উত্তৰাখণ্ডৰ হৰিদ্বাৰত ব্যাপক ভিৰ পৰিলক্ষিত হয়। সাধু-সন্ত-ভক্তই কোনো ধৰণৰ কোৰোণা বিধি পালন নকৰি পুণ্যস্নান কৰে। মহাকুম্ভৰ দ্বিতীয় চাহি স্নানত অংশ লৈছে তেওঁলোকে। আৰক্ষীয়ে বাৰে বাৰে ভক্তসকলক কোৰোণাৰ বিধি পালন কৰিবলৈ আহ্বান জনাইছে যদিও কোনেও কাৰো কথা শুনাত নাই। ফলত এতিয়া সংক্ৰমণৰ আশংকা কৰা হৈছে।