এতিয়াৰে পৰা বিদেশত থকাৰ সময়তো নিজৰ ড্ৰাইভিং লাইচেঞ্চ ৰিনিউ কৰিব পাৰিব। কোৰোণা কালত বিদেশত আবদ্ধ হৈ থকা ভাৰতীয়সকলৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ ফালৰ পৰা এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ ফলত ইণ্টাৰনেচনেল ড্ৰাইভিং লাইচেঞ্চ পাৰমিটৰ ভেলিডিটী শেষ হ’বলৈ লোৱা লোকসকলৰ লাভান্বিত হ’ব। কেন্দ্ৰই মটৰ ভেহিকল আইন ১৯৮৯ সংশোধন কৰিব বিচাৰিছে। ইতিমধ্যে এই সন্দৰ্ভত ড্ৰাফ্ট নটিফিকেচন জাৰি কৰা হৈছে। ড্ৰাফ্ট নটিফিকেচন অনুসৰি, যিসকল ভাৰতৰ নাগৰিকৰ ইণ্টাৰনেচনেল ড্ৰাইভিং লাইচেঞ্চ পাৰমিটৰ ভেলিডিটী শেষ হ’বৰ হৈছে, তেওঁলোকে ভাৰতীয় দূতাবাসৰ প’ৰ্টেলত অনলাইন আবেদন কৰিব পাৰিব। এই আবেদন বাহন প্লেটফৰ্মত জমা দিয়া হ’ব। ইয়াৰ পৰা আৰটিঅ’–ৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব। ইণ্টাৰনেচনেল ডি এল পাৰমিটৰ বাবে বৰ্তমান নিয়ম অনুযায়ী মেডিকেল চাৰ্টিফিকেট আৰু বৈধ ভিছাৰ বিৱৰণ দিব লাগিব। যিসকলৰ ওচৰত বৈধ ড্ৰাইভিং লাইচেঞ্চ আছে তেওঁলোকে মেডিকেল চাৰ্টিফিকেট দিয়াৰ প্ৰয়োজন নাই।