মঙলবাৰে গুৰুদাস মহাবিদ্যালয়ৰ অনুষ্ঠানৰ বাবে নজৰুল মঞ্চত গীত পৰিৱেশন কৰিবলৈ আহিছিল কেকে। অভিযোগ কৰা হৈছে যে, যদিও নজৰুল মঞ্চত প্ৰায় ২,৫০০ দৰ্শকৰ কেপাচিটী আছিল, তথাপিও ভিৰ দুগুণতকৈও অধিক আছিল৷ কে কে মঞ্চতে অসুস্থ হৈ পৰিছিল৷ যেতিয়া তেওঁক প্ৰথমে হোটেললৈ আৰু তাৰ পৰা চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল।
অনুষ্ঠানটোৰ বাবে অনুৰাগীসকলক বেছ উৎসাহিত দেখা গৈছিল। কেকে নিজেও অতি উৎসাহী আছিল। অনুষ্ঠানৰ পূৰ্বে তেওঁ ছচিয়েল মিডিয়া যোগে কৈছিল- "কলকাতা, গেট ৰেডি। মই আহি আছো। ৩০ আৰু ৩১ মে'ত চহৰখনত অনুষ্ঠান আছে। ৩০ তাৰিখে বিবেকানন্দ মহাবিদ্যালয়ৰ দ্বাৰা আয়োজিত উৎসৱত নজৰুল মঞ্চ আৰু ৩১ মে'ত গুৰুদাস মহাবিদ্যাৰ বাবে অনুষ্ঠান। '