কোটি কোটি টকা প্ৰতাৰণাত সহায় কৰাৰ অভিযোগ। দিল্লী আৰক্ষীৰ ইকোনমিক অফেন্স উইঙছৰ জালত পৰিল বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী লীনা মাৰিয়া পাল। জে'লত থকা ধনকুবাৰ সুৰেশ চন্দ্ৰশেখৰক ২০০ কোটি টকা প্ৰতাৰণাত সহায় কৰাৰ অভিযোগত সোমবাৰে গ্ৰেপ্তাৰ কৰা হয় সহযোগী লীনাক। দিল্লী আৰক্ষীয়ে সম্প্ৰতি প্ৰতাৰণাৰ গোচৰত বলীউদৰ অভিনেত্ৰী জেকলীন ফাৰ্নেণ্ডেজকো তলব কৰিছে। EDৰ খবৰ অনুসৰি, কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই জেকলীনৰ ফোন কলৰ ৰেকৰ্ড দেখি বুজিব পাৰে যে, সুৰেশে তিহাৰ জেলৰ পৰা জেকলিনৰ সৈতে যোগাযোগ কৰিছে বহুবাৰ। অভিনেত্ৰীক দামী দামী উপহাৰ, ফুল, চকলেটো মাজে মাজে পঠিয়াইছে। যদিও নায়িকাৰ দাবী, তেওঁ সুৰেশৰ আচল পৰিচয় জানিব পৰা নাই। পৰিচয় লুকুৱাই তেওঁৰ সৈতে গঢ়িছিল বন্ধুত্ব। লীনা বলীউদৰ লগতে দক্ষিণ ভাৰতীয় ছবিৰ অভিনেত্ৰী। মাদ্ৰাছ কেফে ছবিত লীনাৰ অভিনয়ে দৰ্শকৰ মন জয় কৰিছিল। ২০১২৩ চনত কানাড়া বেংকত আৰ্থিত প্ৰাতাৰণাৰ গোচৰত সুৰেশ আৰু লীনা দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছিল। কেৱল দিল্লী আৰক্ষীৰ আৰ্থিক দুৰ্নীতি শাখাই নহয়, লীনাক জেৰা কৰিছে ইডিৰ বিষয়াইয়ো। লীনাৰ পৰা প্ৰতাৰণা সংক্ৰান্তীয় বহু নথি পত্ৰ বাজেয়াপ্ত কৰা হৈছে।