মাছমৰীয়াসকলৰ জীৱনক ওচৰৰ পৰা বুজিবলৈ আৰু তেওঁলোকৰ সৈতে একাত্ম হ’বলৈ নাঁৱত উঠি সাগৰলৈ গ’ল ৰাহুল গান্ধী। মাছ ধৰিবলৈ জাল পেলাওতে পানীত তেওঁ নামে আৰু প্ৰায় ১০মিনিট সময় সাগৰত থাকে তেওঁ। (Pic- ANI)
ৰাহুল গান্ধী দীঘলীয়া সময় সাগৰত সাঁতোৰে। গভীৰ সমুদ্ৰত ৰাহুল গান্ধীক সাঁতোৰা দেখি তাত উপস্থিত মাছমৰীয়া সকল উৎসাহিত হৈ পৰে। (Pic- ANI)
কংগ্ৰেছৰ এজন পদাধিকাৰীৰ মতে তেওঁ (ৰাহুল গান্ধীয়ে) আমাক নজনোৱাকৈয়ে পানীত নামি গ’ল। আমি দেখা পাই আচৰিত হৈ পৰিলো। কিন্তু তেওঁ বহুত সহজ হৈ পৰে। প্ৰায় ১০ মিনিট সময় তেওঁ সাঁতোৰে, তেওঁ এজন ভাল সন্তৰণবিদ। (Pic- ANI)
নাওখনত ২৩জন মাছমৰীয়া আছিল। ৰাহুল গান্ধীৰ সৈতে অখিল ভাৰতীয় কংগ্ৰেছ সমিতিৰ মহাসচিব কে চি বেণুগোপাল আৰু টি এন প্ৰতাপন সহ পাৰ্টীৰ চাৰিজন নেতা আছিল। মাছমৰীয়া সকলে ৰাহুলক তাতে ধৰা মাছ আৰু ব্ৰেড মাছ খোৱায়। (Pic- ANI)