এবছৰ পূৰ্বে পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হৈছিল স্বামী। প্ৰতিজন ভাৰতীয়ৰ হয়তো আজিও মনত আছে সেই আবেগিক মুহূৰ্তবোৰ। (Photo : News18) যেতিয়া শ্বহীদ স্বামীৰ নিথৰ দেহত চুমা খাই ‘আই লাভ ইউ বিভূ’ বুলি কৈছিল প্ৰতিজন লোকৰে চকুৰ পৰা নিগৰি আহিছিল অশ্ৰু। দেশৰ বাবে প্ৰাণ দিয়া স্বামীক ছেল্যুট জনাই সাহসিকতা আৰু ধৈৰ্যৰো প্ৰমাণ দিছিল মেজৰ বিভুতি ঢৌণ্ডিয়ালৰ পত্নী নিকিতাই। (Photo : Times Now) সেইগৰাকী নিকিতাই এতিয়া সাজু হৈছে সেনাৰ পোছাক পিন্ধিবলৈ। পুলৱামা কাণ্ডৰ শ্বহীদ মেজৰ বিভূতি ঢৌণ্ডিয়ালৰ পত্নী নিকিতা কৌল ঢৌণ্ডিয়ালে শ্বৰ্ট ছাৰ্ভিচ কমিচন (এছএছচি) পৰীক্ষা আৰু সাক্ষাৎকাৰত উত্তীৰ্ণ হৈছে। (Photo : Twitter) এতিয়া কেৱল মেৰিট লিষ্টৰ অপেক্ষাত আছে নিকিতা। এই তালিকা প্ৰকাশৰ পিছতে ভাৰতীয় সেনাত যোগদান কৰিব নিকিতাই। (Photo : The Indian Express) বৰ্তমান নয়দাৰ এটা মাল্টিনেচনেল কোম্পানীত কাম কৰি থকা নিকিতা এতিয়া সাজু হৈছে সেনা বাহিনীত যোগদানৰ বাবে। (Photo : ANI) News18ৰ আগত নিকিতাই কয় যে বিগত বৰ্ষৰ নৱেম্বৰত সেনা বাহনীৰ অ’মেন এন্ট্রী ফৰ্ম ফিলআপ কৰিছিল। নিজৰ চেষ্টাৰ বলত ইতিমধ্যে মেডিকেল পৰীক্ষা আৰু সাক্ষাৎকাৰত উত্তীৰ্ণ হৈছে নিকিতা। এতিয়া মেৰিট লিষ্টলৈ অপেক্ষা কৰিছে নিকিতাই। (Photo : Hindustan Times)