ভাৰতীয় ৰে’লৰ আধুনিকীকৰণ আৰু উন্নতিৰ স্বাৰ্থত মোদী চৰকাৰে দীৰ্ঘ সময়ৰ বাবে ৰে’ল ব্যৱস্থা আংশীক ভাবে বেচৰকাৰী সংস্থাৰ হাতত গটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু এটা কথা ঠিক যে, ভাৰতৰ পৰিবহণ ব্যৱস্থাৰ অন্যতম গুৰুত্বপূৰ্ণ মাধ্যম হ’ল ৰে’ল। এখন ৰাজ্যৰ পৰা অন্যএখন ৰাজ্যলৈ যাতায়াত কৰিবলৈ দেশৰ নিম্ন মধ্যবিত্ত মানুৱে সৰ্বাধিক ৰে’ল যাত্ৰাই কৰে।