আচলতে Whats App সকলো সময়তে ফোন নম্বৰৰ সহায়ত চলি থাকে। এই এপত প্ৰেৰক আৰু গ্ৰাহকক বাদ দি তৃতীয় ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ। কিন্তু টেক্স মেছেজৰ ওপৰত Whats Appৰ কোনো নিয়ন্ত্ৰণ নাই। ইয়াৰ উপৰিও বহুতে Whats Appৰ মেছেজ ক্লাউড বা গুগ’ল ড্ৰাইভত বেকআপ হিচাপে ৰাখে। ইয়াৰ পৰা মেছেজ পুনৰুদ্ধাৰ কৰা সম্ভৱ। কিন্তু ইয়াত Whats Appৰ কোনো ভূমিকা নাথাকে।