মঙলবাৰে সন্ধিয়া এক অন্য ৰূপত দেখা গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰ আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জন হাৱাৰ্ডৰ সৈতে একান্ত বাৰ্তালাপত দেখা গ’ল মোদীক। মোদীৰ সৈতে বাৰ্তালপত ভাগ ল’লে তিনি মাৰ্কিন সচিব কিছিংগাৰ, ৰাইচ আৰু গেটছেও। এই বাৰ্তালাপৰ বিষয়ে টুইটাৰযোগে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। টুইটাৰত মোদীয়ে লিখিছে – এক অনন্য সন্ধিয়াৰ সাক্ষী হ’লো। জে পি মৰ্গান আন্তৰ্জাতিক কাউন্সিলত বিশ্বৰ জনপ্ৰিয় ৰাজনীতিকসকলৰ সৈতে বাৰ্তালাপ কৰিলো। তেওঁলোকৰ পৰা অনুপ্ৰাণিত হৈয়ে নতুন উন্নত ভাৰত গঢ়াৰ সপোন অধিক দৃঢ় কৰিব পাৰিম।