মঙলবাৰে দুপৰীয়া উত্তৰ প্ৰদেশত উজ্জ্বলা যোজনাৰ দ্বিতীয় সংস্কৰণ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই ভাৰ্ছুৱেল অনুষ্ঠানত এই আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতেও কথা পাতিব মোদীয়ে। সোমবাৰে সন্ধিয়া টুইট কৰি এই ঘোষণা কৰিছে স্বয়ং প্ৰধানমন্ত্ৰীগৰাকীয়ে। অৱশ্যে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ফালৰ পৰা পূৰ্বেই এই বিষয়ে জনোৱা হৈছিল।