কোৰোণাৰ চিকিত্সাৰ বাবে নিৰ্বাচিত হাস্পতালত পৰ্যাপ্ত পৰিমাণৰ অক্সিজেনৰ ব্যৱস্থা কৰা হৈছে নে নাই, সেই দিশতো আলোচনা চলিব বৈঠকত। ইয়াৰ উপৰিও, কেন্দ্ৰৰ পৰা কণ্টেইনমেণ্ট জ’ন, কোৰোণা ক্লীনিক মেনেজমেণ্ট, কোৰোণা পৰীক্ষাৰ বাবে মাল্টি ডিচিপ্লিনাৰি দল সাজু কৰি ৰখা হৈছে। গতিকে প্ৰয়োজন হ’লে এই কেইখন ৰাজ্যত সেইসকলক নিয়োজিত কৰা হ’ব।