অহাবছৰ উত্তৰ প্ৰদেশত নিৰ্বাচন। তাৰ আগেয়ে নিজৰ লোকসভা সমষ্টি বাৰাণসীলৈ গৈ এটা মুহূৰ্তও নষ্ট কৰিবলৈ সাজু নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi at Varanasi)। প্ৰধানমন্ত্ৰীয়ে সোমবাৰে নিশা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে ৰাওনা হয়৷ Photo- Narendra Modi/Twitter নৰেন্দ্ৰ মোদীৰ গন্তব্য স্থান আছিল বাৰাণসী (Varanasi) ষ্টেচনৰ পৰা আৰম্ভ কৰি কাশীৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতি পৰিদৰ্শন কৰা৷ পিছত প্ৰধানমন্ত্ৰীয়ে নিজেই এই ছবি টুইট কৰে৷ Photo- Narendra Modi/Twitter প্ৰধানমন্ত্ৰীয়ে সোমবাৰে বাৰাণসীলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গৈ কাশী বিশ্বনাথ কৰিড'ৰ উদ্বোধন কৰে৷ তেওঁ সন্ধিয়া গংগা আৰতি প্ৰত্যক্ষ কৰে৷ প্ৰধানমন্ত্ৰীয়ে নিৰ্ধাৰিত সময়সূচীত নাথাকিলেও যোগী আদিত্যনাথৰ সৈতে নিশা পলমকৈ বাৰাণসী ভ্ৰমণ কৰে৷ Photo- Narendra Modi/Twitter টুইটাৰত প্ৰধানমন্ত্ৰীয়ে লিখিছে, "কাশীৰ গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পসমূহ পৰিদৰ্শন। আমাৰ লক্ষ্য হৈছে এই পৱিত্ৰ চহৰখনৰ বাবে সৰ্বশ্ৰেষ্ঠ আন্তঃগাঁথনি নিৰ্মাণ কৰা৷'' Photo- Narendra Modi/Twitter পিছত এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে লিখিছে, "পৰৱৰ্তী গন্তব্য স্থান হৈছে বাৰাণসী ষ্টেচন৷ আমাৰ লক্ষ্য হৈছে ৰে'ল সংযোগ উন্নত কৰাৰ লগতে পৰিষ্কাৰ, আধুনিক আৰু যাত্ৰী অনুকূল ষ্টেচন নিৰ্মাণ কৰা।" Photo- Narendra Modi/Twitter প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত বিজেপি শাসিত ১২খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰাৰ কথা আছে৷ তেওঁ আবেলি দিল্লীলৈ ৰাওনা হ'ব৷ Photo- Narendra Modi/Twitter