প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে শ্ৰমিকৰ সৈতে বহি গ্ৰহণ কৰিলে আহাৰ। খাদ্যৰ তালিকাত তেওঁৰ পছন্দৰ প্ৰতি গুৰুত্ব দিয়া হয়। গুজৰাটী ব্যঞ্জনৰো ব্যৱস্থা কৰা হৈছিল। ইয়াৰ পূৰ্বে নিজৰ ভাষণত মোদীয়ে কয় যে কিছুমান লোক এনেকুৱাও আছে যিয়ে বাৰাণসীৰ লোকৰ ওপৰত সন্দেহ কৰিছিল। কৈছিল যে এয়া কেনেকৈ হ’ব, সেয়া কেনেকৈ হ’ব, কিন্তু তেওঁলোকে নাজানিছিল যে কাশী অবিনাশী। কাশীত এখনেই চৰকাৰ, সেয়া হ’ল বাবাৰ। মোদীয়ে কয় যে য’ত গংগাই নিজৰ ধাৰা সলনি কৰি বৈ গৈছে, সেই কাশীক কোনে ৰখাব পাৰে?
শ্ৰমিকৰ সৈতে আহাৰ গ্ৰহণ কৰাৰ পূৰ্বে মোদীয়ে নিজৰ সম্বোধনত তেওঁলোকৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰে। মোদীয়ে কয় যে আজি ভগৱান শিৱৰ প্ৰিয় দিন সোমবাৰ। মই আজি সকলো শ্ৰমিক ভাই–ভনীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো, যাৰ ঘামৰ বিনিময়ত এই ভৱ্য পৰিসৰৰ নিৰ্মাণ হৈছে। কোৰোণাৰ বিপৰীত কালতো তেওঁলোকে ইয়াত কাম ৰখাবলৈ দিয়া নাছিল। মই েতিয়া এই শ্ৰমিক বন্ধুসকলক লগ পোৱাৰ, তেওঁলোকৰ আশিৰ্বাদ গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিছো।
প্ৰধানমন্ত্ৰী মোদীয়ে কাশীত সাধু–সন্ত আৰু উপস্থিত লোকসকলক সম্বোধন কৰে। মোদীয়ে কয় যে বিশ্বনাথ ধামৰ এই সম্পূৰ্ণ নতুন পৰিসৰ এক ভৱ্য ভৱন ভৱনেই নহয়, এয়া আমাৰ ভাৰতৰ সনাতন সংস্কৃতিৰ প্ৰতীক। এয়া আমাৰ আধ্যাত্মিক আত্মাৰ প্ৰতীক। এয়া আমাৰ প্ৰাচীন পৰম্পৰাৰ প্ৰতীক, ভাৰতৰ শক্তি, গতিশীলতাৰ প্ৰতীক। মোদীয়ে কয় যে পূৰ্বে ইয়াত যিটো মন্দিৰ কেৱল ৩০০০ বৰ্গফুটৰ আছিল, এতিয়া প্ৰায় ৫ লাখ বৰ্গফুটৰ হ’ল। এতিয়া মন্দিৰ আৰু মন্দিৰ পৰিসৰত ৫০ৰ পৰা ৭৫ হাজাৰ ভক্ত আহিব পাৰিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৈতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো প্ৰতিটো মুহূৰ্তত উপস্থিত থাকে। শ্ৰমিকৰ সৈতে যেতিয়া ভোজনৰ সময় আহিল মুখামুখিকৈ বহিল প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। লগত কাশী বিশ্বনাথ ধামৰ নিৰ্মাণ শ্ৰমিকসকল উপস্থিত আছিল। এই কৰিড’ৰ নিৰ্মাণক লৈ সন্তুষ্ট প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই প্ৰকল্প সম্পূৰ্ণ হ’লে সকলোৱে বাবাৰ দৰ্শন কৰিব পাৰিব। আমাৰ দিব্যাংগ ভাই–ভনী আৰু বয়োজ্যেষ্ঠসকলে এতিয়া সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয়।