গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে ভূপেন্দ্ৰ পেটেলে দায়িত্ব গ্ৰহণৰ পিছত এয়াই আছিল প্ৰথম নিৰ্বাচন। গান্ধীনগৰ পৌৰসভাৰ ১১টা ৱাৰ্ডৰ ৪৪ জন কাউঞ্চিলাৰক নিৰ্বাচন কৰা হ'ব এই নিৰ্বাচনৰ জৰিয়তে। দেওবাৰে পুৱাৰ পৰা সকলো ৱাৰ্ডতে হ'ল ভোটগ্ৰহণ। আৰু তাৰে ভিতৰত চহৰৰ ৰায়সান গাঁৱৰ ভোটকেন্দ্ৰত ভোট দিবলৈ আহে হীৰাবেন মোদীয়ে।