কাশী বিশ্বনাথ ধাম উদ্বোধনৰ বাবে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ( PM Modi In Varanasi) বাৰানসীত উপস্থিত হৈছে। ২০২২ চনৰ উত্তৰপ্ৰদেশৰ পূৰ্বে বিজেপিৰ মেগা শ্ব আৰম্ভ হৈছে ৰাজ্যখনৰ মাটিত। কেমেৰাৰ লেঞ্চত বন্দী হোৱা দৃশ্যবোৰা চাওক... প্ৰায় ৩৩৯ কোটি টকা ব্যয় কৰি নতুন কৈ সজাই তোলা হৈছে কাশী বিশ্বনাথ ধামৰ প্ৰথম পৰ্ব উদ্বোধন কৰিবলৈ আজি বাৰাণসীত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীক স্বাগতম জনাবলৈ সজাই তোলা হৈছে বাৰানসী। সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব কাশী বিশ্বনাথ কৰিডৰ। বাৰানসীত উপস্থিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী। দিছে ভৈৰৱ মন্দিৰত পূজা। তাৰ পূৰ্বে ললিতা ঘাটত গংগাত ডুব দি জল সংগ্ৰহ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। সূৰ্য নমস্কাৰ কৰি গংগা পূজা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কাশী বিশ্বনাথত পূজা দি ললিতা ঘাটৰ পৰা গংগা জল লৈ বিশ্বনাথ মন্দিৰৰৰ ফালে ৰাওনা হ'ব।