সেনা জোৱানৰ সৈতে দীপাৱলী উপভোগ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজৌৰি জিলাৰ সীমান্তত নিয়ন্ত্ৰণৰেখাত জোৱানসকলৰ সৈতে দীপাৱলীৰ আনন্দৰ ভাগ বতোৱাৰা কৰে। বিশেষ বিমানযোগে ৰাজৌৰিত উপস্থিত হোৱা মোদীয়ে তৃতীয়বাৰৰ বাবে সেনা জোৱানৰ সৈতে দীপাৱলীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ২০১৪চনত প্ৰথমবাৰৰ বাবে জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰিছিল মোদীয়ে ২০১৫চনত পাঞ্জাৱ সীমান্তত থকা জোৱানৰ সৈতে দীপাৱলী পালন কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। বিগত বৰ্ষত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত চীন সীমান্তত ITBP জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰি ভাৰতীয় সেনাক প্ৰেৰণা যোগায়। সেনাক মিঠাই খোৱাই থকা অৱস্থাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী