অনলাইন ক্লাছৰ WhatsApp গ্ৰুপত অভিভাৱকে পঠিয়াই থাকে অশ্লীল ভিডিও, উপায়হীন বিদ্যালয় কৰ্তৃপক্ষৰ শিক্ষা বিভাগক অভিযোগ
স্কুলৰ পৰা অশ্লীল মেচেজ পষ্ট কৰাৰ অভিযোগৰ পিছতে উত্তৰ দিল্লী নগৰ নিগমে এনে যিকোনো গতিবিধিৰ কাৰণে দায়ী পালে আইনী ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিছে।


দিল্লীৰ এখন শিশুৰ অনলাইন ক্লাছৰ (স্কুল) হোৱাটছএপ গ্ৰুপত (WhatsApp group) অশ্লীল ভিডিও (পৰ্ণ) পঠিয়াই দিয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। কোনো শিশুৰ অভিভাৱকে ভুলতে গ্ৰুপত পঠিয়ায় এই ভিডিওটো। আনহাতে কেবাখনো স্কুলৰ পৰা এনেধৰণৰ কাণ্ডৰ অভিযোগৰ পিছত উত্তৰ দিল্লী নগমে এনে অভিভাৱকক সাৱধান কৰি দিছে আৰু ভৱিষ্যতে এনে ভুল কৰিলে আইনী কাৰ্যপন্থা গ্ৰহণৰ সকীয়নি দিছে। প্ৰতীকি ফটো


হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি জাহাংগীৰপুৰীত এখন স্কুলৰ প্ৰিন্সিপালে নাম প্ৰকাশ নকৰাক লৈ কয়, ‘আমি যোৱা মাহত ক্লাছ ফাইভৰ হোৱাটছএপ গ্ৰুপত এটা আপত্তিজনক ভিডিও পাও। ক্লাছৰ শিশুটিৰ ৰেজিষ্টাৰ্ড নম্বৰৰ পৰা এইটো পঠিওৱা হৈছিল। আমি ছাত্ৰৰ পিত–মাতৃক মাতি পঠিয়াও কিন্তু তেওঁলোকে এনে ভিডিও প্ৰেৰণৰ কথা অস্বীকাৰ কৰে।'' প্ৰতীকি ফটো


তেওঁ লগতে কয়, আমাৰ শিক্ষকে নিয়মীয়াকৈ সেই গ্ৰুপবোৰত মেচেজ পঠিয়াই পিতৃ–মাতৃসকলক অনুৰোধ কৰে যে তেওঁলোকে অনলাইন ক্লাছৰ সম্বন্ধীয় প্ৰশ্নৰ বাহিৰে আন একো কথা গ্ৰুপত যেন নিদিয়ে। এতিয়া আমি শিক্ষা বিভাগৰ দ্বাৰা জাৰি কৰা আদেশ অৱগত কৰিছো। প্ৰতীকি ফটো


স্কুলৰ পৰা অশ্লীল মেচেজ পষ্ট কৰাৰ অভিযোগৰ পিছতে উত্তৰ দিল্লী নগৰ নিগমে এনে যিকোনো গতিবিধিৰ কাৰণে দায়ী পালে আইনী ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিছে। প্ৰতীকি ফটো