নাবালিকা ছাত্ৰীক স্কুলৰ শ্ৰেণীকোঠাতে ধৰ্ষণ। প্ৰমাণ লুকুৱাবলৈ খুৱালে বিহ। লজ্জাজনক ঘটনাটো সংঘটিত হৈছে ঝাৰখণ্ডত। ৩৫ বছৰীয়া শম্ভু সিং পেছাত শিক্ষক। নিজৰ বিদ্যালয়ৰ ছাত্ৰীকে ধৰ্ষণ কৰে লম্পট শিক্ষকজনে। ২৫ জানুৱাৰীৰ দিনা সংঘটিত হয় এই জঘন্য ঘটনা। পিছত আৰক্ষীৰ আগত সকলো স্বীকাৰ কৰিছে শিক্ষকজনে। আৰক্ষীয়ে জনোৱা মতে, ২৫ জানুৱাৰীত যেতিয়া কিশোৰীগৰাকী বাথৰুমলৈ গৈছিল, তেতিয়াই এটা শ্ৰেণী কোঠালৈ জোৰ কৈ ছাত্ৰীগৰাকীক লৈ আহি নাৰকীয় অত্যাচাৰ চলাই শম্ভু সিঙে। আৰু ধৰ্ষণ কৰাৰ কথা কাৰোবাক ক'লে প্ৰাণে মৰাৰ ভাবুকি দিয়ে। কিন্তু ২৬ জানুৱাৰীৰ দিনা শিক্ষকজনে দৰ্জা ভাঙি কিশোৰীগৰাকীৰ ঘৰৰ ভিতৰলৈ সোমাই যায়। তাৰ পিছতে জোৰকৈ ছাত্ৰীগৰাকীক এটা টেবলেট খুৱাই দিয়ে। পৰিয়ালৰ দাবী, সেই ঔষধ খোৱাৰ পিছতে ছাত্ৰীগৰাকী অচেতন হৈ পৰে। আৰু নিশালৈ ছাত্ৰীগৰাকীৰ মৃত্যু হয়। ইয়াৰ পিছতে কিশোৰীগৰাকীৰ পিতৃয়ে অভিযুক্ত শিক্ষকৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে।ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শম্ভু সিঙক। আৰক্ষীয়ে জনোৱা মতে, কিশোৰীগৰাকীৰ মৰনোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত বিষ জাতীয় কিছু খোৱাই দিয়াৰ পিছতে মৃত্যু হৈছে বুলি প্ৰমাণিত হৈছে। লগতে ধৰ্ষণ কৰাৰো প্ৰমাণ পোৱা গৈছে।