অৱশেষত স্বস্তিৰ খবৰ! আগন্তুক বছৰৰ প্ৰথম ভাগতে ভাৰতলৈ আহিব অক্সফোৰ্ডৰ কোৰোণা ভেকচিন। স্বাস্থ্যকৰ্মী আৰু বয়োজ্যেষ্ঠ লোকে ফেব্ৰুৱাৰী মাহতে কোৰোণাৰ টিকা ল’ব পাৰিব। সাধাৰণ জনতাৰ বাবে এপ্ৰিলৰ পৰা উপলব্ধ হ’ব কোৰোণাৰ ভেকচিন। এই কথা জনাইছে চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই। চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ তৰফৰ পৰা জনোৱা হৈছে যে, ২০২৪ৰ ভিতৰত সম্ভৱত দেশৰ প্ৰতিগৰাকী মানুহে কোৰোণাৰ ভেকচিন লাভ কৰিব। এই ভেকচিনৰ দুটা ডোজ দিয়া হ’ব। কিন্তু সকলোৰে মনত এটাই প্ৰশ্ন, কিমান দাম হ’ব কোৰোণাৰ ভেকচিনৰ? ইয়াৰ উত্তৰত চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই কয় যে, অতি বেছিকৈ হ’লে দুটা ডোজৰ দাম হ’ব ১ হাজাৰ টকা। কিন্তু চূড়ান্ত ট্ৰায়েল ফলাফল আৰু অনুমোদন প্ৰাপ্তিৰ পূৰ্বে এই কথা স্পষ্ট কৈ কোৱাতো কঠিন। ঔষধ নিৰ্মাতা প্ৰতিষ্ঠানটোৰ হৈ পনৱালাই কয় যে, এপ্ৰিলৰ ভিতৰত ভেকচিন ভাৰতলৈ আহিলেও সমগ্ৰ দেশত উপলব্ধ হ’বলৈ দুই-তিনিবছৰ লাগিব। কাৰণ ভেকচিনৰ পৰ্যাপ্ত যোগান, বাজেট আদি বিভিন্ন কথা আহি পৰে। কিমান কাৰ্যকৰী হৈছে অক্সফোৰ্ডৰ কোৰোণা ভেকচিন? উত্তৰত জনাই যে, অক্সফোৰ্ড- এষ্ট্ৰোজেনেকাৰ এই ভেকচিনে এই পৰ্যন্ত যথেষ্ট সফলতাৰে কাম কৰিছে। আনকি বয়োজ্যেষ্ঠ মানুহৰ শৰীৰতো কাম কৰিছে। প্ৰতিষ্ঠানটোৱে লগতে কয় যে, এই কোৰোণা ভেকচিনে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব।