Covaxinৰ প্ৰথম পৰ্যায়ৰ মানৱ পৰীক্ষণত বৃহৎ সফলতা। মানৱ শৰীৰত কোৰোণা প্ৰতিৰোধী সম্পূৰ্ণ দেশীয় এই ভেকচিনৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণৰ ফলাফল পোহৰলৈ আহিছে। ইয়াৰ ফলাফল দেখি অভিভূত বিশেষজ্ঞসকল। প্ৰথম পৰ্যায়ত ৩৭৫জন স্বেচ্ছাসেৱকৰ দেহত এই ভেকচিন প্ৰয়োগ কৰা হৈছিল। কোনো স্বেচ্ছাসেৱকৰ দেহত বিৰূপ প্ৰতিক্ৰিয়া হোৱা নাই বুলি জনা গৈছে। স্বেচ্ছাসেৱকসকলৰ তেজৰ নমুনা পৰীক্ষা কৰাত তেওঁলোকৰ শৰীৰত কোৰোণা প্ৰতিৰোধী এণ্টিবডী পোৱা গৈছে। ইমানেই নহয়, কোভেক্সিন লোৱা সকলো স্বেচ্ছাসেৱকৰ শৰীৰত কোনো বিৰূপ প্ৰতিক্ৰিয়া হোৱা নাই। এতিয়ালৈ স্বেচ্ছাসেৱকসকলৰ ওপৰত ১৪ দিনৰ ভিতৰত দুটা ড’জ প্ৰয়োজ কৰা হৈছে। ২৮ দিন, ৪২ দিন, ১০৪ দিন আৰু ১৯৪ দিনৰ ব্যৱধানত স্বেচ্ছাসেৱকসকলৰ তেজৰ নমুনা পৰীক্ষা কৰি চোৱা হ’ব এই ভেকচিন কিমান কাৰ্যকৰী হৈছে। বৰ্তমান আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ। দুটা পৰ্যায়ত মুঠ ১১০০ জন স্বেচ্ছাসেৱকৰ দেহত পৰীক্ষামূলকভাৱে এই ভেকচিন প্ৰয়োগ কৰা হ’ব বুলি জানিব পৰা গৈছে। এই পৰীক্ষণৰ বাবে দেশৰ মুঠ ১২টা প্ৰতিষ্ঠানক বাচি লৈছে ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছাৰ্চে।