চৰকাৰী তেল সংস্থাসমূহে শুকুৰবাৰেও পেট্ৰ’ল–ডিজেলৰ দামত কোনো পৰিৱৰ্তন ঘটোৱা নাই। দিল্লীত শুকুৰবাৰে ১ লিটাৰ পেট্ৰ’লৰ দাম ৮৬.৩০ টকা। পেট্ৰ’লিয়াম সংস্থাৰ ফালৰ পৰা বুধবাৰে দাম বৃদ্ধিৰ কৰাৰ ফলত একাধিক চহৰত তেলৰ দাম ৰেকৰ্ড স্তৰত উপনীত হয়। ৰাজস্থানৰ শ্ৰীগংগানগৰত পেট্ৰ’লৰ দাম ১০১ টকালৈ বৃদ্ধি পায়। মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম প্ৰায় ৯৩ টকা হৈছেগৈ।
চাওক কোনখন চহৰত আজি কিমান পেট্ৰ’ল–ডিজেলৰ দাম – * দিল্লী : পেট্ৰ’ল – ৮৬.৩৫ টকা, ডিজেল – ৭৬.৪৮ টকা * মুম্বাই : পেট্ৰ’ল – ৯২.৮৬ টকা, ডিজেল – ৮৩.৩০ টকা * কলকাতা : পেট্ৰ’ল – ৮৭.৬৯ টকা, ডিজেল – ৮০.০৮ টকা। * চেন্নাই : পেট্ৰ’ল – ৮৮.৮২ টকা, ডিজেল – ৮১.৭১ টকা। * বেংগালুৰু : পেট্ৰ’ল – ৮৯.২১ টকা, ডিজেল – ৮১.১০ টকা। * পাটনা : পেট্ৰ’ল – ৮৮.৭৮ টকা, ডিজেল – ৮১.৬৫ টকা।