

ড্ৰাইভিং লাইচেঞ্চ এক গুৰুত্বপূৰ্ণ নথি। আপোনাৰ যদি ড্ৰাইভিং লাইচেঞ্চ নাথাকে আৰু আপুনি ৰাস্তাত গাড়ী চলাবলৈ গৈ ধৰা পৰে তেন্তে আপোনাৰ ৫ হাজাৰ টকা জৰিমনা হ’ব। আনহাতে, ড্ৰাইভিং লাইচেঞ্চ পোৱাটোও আজিকালি এক কঠিন কাম হৈ পৰিছে।


যেতিয়াৰে পৰা চৰকাৰে অনলাইনত ড্ৰাইভিং লাইচেঞ্চ বনোৱা আৰম্ভ কৰিছে, তেতিয়াৰে পৰা সমস্যা কিছু কমিছে। এনে পৰিস্থিতিত চৰকাৰে জনতাৰ সমস্যাৰ কথা বিবেচনা কৰি লাইচেঞ্চ বনোৱাৰ নিয়ম সহজ কৰিবলৈ লৈছে। জানি লওক নতুন নিয়ম সম্পৰ্কে।


কেন্দ্ৰীয় চৰকাৰ আৰু পৰিবহণ মন্ত্ৰণালয়ৰ নিয়ম অনুসৰি, ড্ৰাইভিং লাইচেঞ্চ পাবলৈ আপুনি আৰটিঅ’ অফিচত ড্ৰাইভিং পৰীক্ষা দিব লাগে। আপুনি যদি এই পৰীক্ষাত ব্যৰ্থ হয় তেন্তে কোনোপধ্যে ড্ৰাইভিং লাইচেঞ্চ নাপাব। এনে পৰিস্থিতিত বহু আবেদন বাতিল হয়।


সকলো ঠিকে থাকিলে মন্ত্ৰণালয়ে আগন্তুক দিনত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰক স্বীকৃতি দিব। যিসকলে এই ড্ৰাইভিং প্ৰশিক্ষণ স্কুলত শিকিব, তেওঁলোকৰ লাইচেঞ্চ কোনো পৰীক্ষা অবিহনেই কৰা হ’ব। ইয়াৰ বাবে পৰিবহণ মন্ত্ৰণালয়ে এক বিজ্ঞপ্তি জাৰি কৰি সাধাৰণ মানুহৰ পৰামৰ্শ বিচাৰিছে। আপনিও যদি আপোনাৰ পৰামৰ্শ দিব বিচাৰে, তেন্তে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ৰ ৱেবছাইটত পৰামৰ্শ দিব পাৰে।