হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত কংগ্ৰেছত চৰকাৰ বনোৱাৰ যোঁ–জা আৰম্ভ হৈছে। প্ৰদেশ কংগ্ৰেছ কমিটীত ব্যাপত উৎসাহ দেখা গৈছে। হিমাচল প্ৰদেশত কংগ্ৰেছৰ জয়ৰ সৈতে মুখ্যমন্ত্ৰী কোণ হ’ব তাক লৈও গুণাগঁথা আৰম্ভ হৈছে। মুখ্যমন্ত্ৰীৰ দৌৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি প্ৰতিভা সিং, প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি সুখবিন্দৰ সিং সুখু, বিধানসভাৰ বিৰোধী নেতা মুকেশ অগ্নিহোত্ৰীম, জ্যেষ্ঠ নেতা সুধীৰ শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ পুত্ৰ বিক্ৰমাদিত্য সিং আছে। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ দৌৰত প্ৰতিভা সিং সকলোতকৈ আগত আছে বুলি জানিব পৰা গৈছে। যদি কংগ্ৰেছে তেওঁক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰে তেন্তে তেওঁ হ’ব ৰাজ্যখনৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। প্ৰতিভা সিং প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ পত্নী আৰু বৰ্তমান মণ্ডীৰ পৰা লোকসভাৰ সদস্য। হিমাচল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুখবিন্দৰ সিং সুখুও মুখ্যমন্ত্ৰী পদৰ দৌৰত আছ। তেওঁ নৌদান সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে। হিমাচল প্ৰদেশ কংগ্ৰেছ প্ৰচাৰ সমিতিৰ সভাপতিও তেওঁ। মুখ্যমন্ত্ৰী পদৰ দৌৰত বিৰোধী নেতা মুকেশ অগ্নিহোত্ৰীও আছে। তেওঁ চাৰিবাৰৰ বিধায়ক। ২০১৭ চনৰ পূৰ্বে বীৰভদ্ৰ সিঙৰ নেতৃত্বাধীন চৰকাৰৰ গুৰুত্বপূৰ্ণ বিভাগ চম্ভালিছিল। মুকেশ অগ্নিহোত্ৰী হৰোলীৰ বিধায়ক আৰু ২০১২ৰ পৰা নিৰ্বাচনত জয়ী হৈ আহিছে। বিক্ৰমাদিত্য সিং মণ্ডীৰ সাংসদ প্ৰতিভা সিঙৰ পুত্ৰ। তেওঁ শিমলা গ্ৰামীনৰ পৰা দ্বিতীয়বাৰৰ বাবে নিৰ্বাচন জিকিছে। মুখ্যমন্ত্ৰী পদৰ প্ৰবল দাবীদাৰসকলৰ ভিতৰত এজন।