সম্প্ৰতি নেহাই ইনষ্টাগ্ৰামত লিখিলে, বিয়াত পিন্ধা সপোনৰ লেহেংগাৰ বাবে এটকাও খৰচ হোৱা নাই। এই লেহেংগা নেহাক উপহাৰ হিচাপে দিছে জনপ্ৰিয় ডিজাইনাৰ সব্যসাচী মুখাৰ্জীয়ে। নেহাই ইনষ্টাগ্ৰামত পোষ্ট কৰি লিখিছে, ‘সব্যসাচীৰ লেহেংগা পিন্ধাটো বহুতৰ বাবে সপোন। সেই সপোন যে এইদৰে বাস্তব হ’ব ভাবিবই পৰা নাছিলো। খোদ সব্যসাচীয়ে নিজেই মোক এই উপহাৰ দিছে। জীৱনত কিবা এটা ভাল কৰাৰ বাবেই আজি এনেকুৱা এটা উপহাৰ পালো। ভগৱানক ধন্যবাদ।’