আমি সকলোৱে পৰিৱেশ সুৰক্ষিত কৰিবলৈ যুঁজ দিব লাগিব। এই বাৰ্তাটো প্ৰধানমন্ত্ৰী মোডীয়ে আগতে দিছিল। আৰু এইবাৰ তেওঁ সেই বাৰ্তাটো আকৌ বেলেগ ধৰণে দিছে। প্ৰধানমন্ত্ৰীয়ে প্লাষ্টিকৰ বটল 'ৰিচাইক্লিং'ৰ দ্বাৰা তৈয়াৰ কৰা জেকেট পিন্ধি সংসদত উপস্থিত হৈছিল। সেই জেকেটটো দেখি বহুতো মানুহ আচৰিত হৈছিল। বুধবাৰে, মোডীয়ে পাতল নীলা নেহৰু জেকেট পিন্ধি বাজেট অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ সংসদলৈ আহিছিল। এইটো প্ৰকৃততে প্লাষ্টিকৰ বটল ৰিচাইক্লিঙৰ পৰা তৈয়াৰ কৰা হয়। জেকেটটো কৰ্ণাটকৰ ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ দ্বাৰা মোডীক উপহাৰ দিয়া হৈছিল। সেই জেকেটৰ পিন্ধি তেওঁ আজি সংসদলৈ আহিছিল। বেংগালুৰুত 'ভাৰত শক্তি সপ্তাহ'ৰ সময়ত প্ৰধানমন্ত্ৰীক জেকেটটো উপহাৰ দিয়া হৈছিল। সেই জেকেটটো কিমান বিশেষ সেয়া যেন ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি।