প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ অসুস্থ। সূত্ৰ অনুসৰি, আহমেদাবাদৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে হীৰাবেন মোদীক। বৰ্তমান বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চলি আছে চিকিৎসা। হীৰাবেন মোদীক আহমেদাবাদৰ ইউ এন মেহতা হাস্পতালত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে ১৮ জুনত ১০০ বছৰীয়া হৈছিল হীৰাবেন মোদী। বৰ্তমান হীৰাবেন মোদীৰ স্বাস্থ্য সুস্থিৰ বুলি জনাইছে হাস্পতাল কৰ্তৃপক্ষই। গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ পিছত গান্ধীনগৰৰ বাসগৃহত মাতৃক সাক্ষাৎ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।