আহমেদাবাদত ভোট দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি পুৱাই আহমেদাবাদৰ ৰনিপৰ নিৰপান পাব্লিক স্কুল ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে মোদীয়ে। Photo-ANI কিছুদূৰ খোজকাঢ়ি ভোটকেন্দ্ৰত প্ৰৱেশ কৰে মোদীয়ে। মোদীক চাবলৈ পথৰ দুয়োকাষে ভিৰ কৰে জনতাই। জনতাক উদ্দেশ্যি অভিবাদনো জনালে মোদীয়ে। Photo-ANI ভোট কেন্দ্ৰত প্ৰৱেশ কৰি আন ভোটাৰৰ দৰেই শাৰীত থিয় হৈ অপেঙা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। Photo-ANI আজি গুজৰাটৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৯৩খন আসনত ৮৩৩জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব। Photo-ANI গুজৰাটৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ভোটদানৰ হাৰ আছিল যথেষ্ট কম। ভোটাৰসকলক ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে আহ্বানো জনাইছিল মোদীয়ে। Photo-ANI ভোট দিয়াৰ পূৰ্বে গুজৰাটত ধাৰাবাহিক প্ৰচাৰ চলাইছিল মোদীয়ে। নিজৰ মাতৃৰ সৈতেও দেখা কৰে মোদীয়ে। Photo-ANI