এখন বিবাহে ছ'চিয়েল মিডিয়াত আধিপত্য বিস্তাৰ কৰা দেখা গৈছে। ছোৱালী নাজনীনে নিজৰ প্ৰেম সাৰ্থক কৰাৰ বাবে সনাতন ধৰ্ম গ্ৰহণ কৰি হিন্দু ৰীতি-নীতি অনুসৰি প্ৰেমিক দীপক গোস্বামীক বিয়া কৰায়। এই বিবাহ অনুষ্ঠিত হয় মধ্যপ্ৰদেশৰ মন্দসৌৰৰ গায়ত্ৰী মন্দিৰত। গুৰুত্বপূৰ্ণ যে যোৱা ৬ মাহত মন্দসৌৰত মুছলমান ছোৱালীৰ হিন্দু ধৰ্ম গ্ৰহণৰ এয়া পঞ্চমটো ঘটনা।
নাজনীন বানো আৰু দীপক গোস্বামী (Muslim Girl Embraces Hinduism To Marry Lover)ৰ প্ৰেম কাহিনী বলীউডৰ ছবিৰ দৰেই। ৪ বছৰ আগতে দীপকক লগ পাইছিল নাজনীনে টিকটকত। দুয়োৰে ঘৰ একেটা স্থানতে আছিল। নাজনীনে প্ৰথমে টিকটকত দীপকক অনুসৰণ কৰিছিল আৰু পিছলৈ দুয়ো বন্ধুত্ব গঢ়ি তুলিছিল। পিছত এই বন্ধুত্ব প্ৰেমত পৰিণত হয় আৰু দুয়ো বিয়া হোৱাৰ সিদ্ধান্ত লয়। সেই অনুসৰি তেওঁলোক পলাই গৈ কিছুদিন পিছত পুনৰ ঘৰলৈ উভতি আহে। ইফালে দীপকৰ পৰিয়ালে আন ঠাইত বিয়া ঠিক কৰি দিয়ে। ২০২২ চনৰ ২০ মে’ত দীপকৰ বিবাহ হ’ব লাগিছিল। সেই সময়তে নাজনীনে দীপকক কয় যে তেওঁ সনাতন ধৰ্ম গ্ৰহণ কৰিবলৈ সাজু।
নাজনীনৰ কথাত দীপক উৎসাহিত হৈ পৰিয়ালৰ লগত যোগাযোগ কৰে। দীপকৰ পৰিয়ালেও বিয়াৰ বাবে সন্মতি দিয়ে। তাৰ পিছত মন্দসৌৰৰ চেতন সিং ৰাজপুতৰ সৈতে যোগাযোগ কৰা হয়। এই চেতন সিঙে ৬ মাহ পূৰ্বে মুছলমান ধৰ্ম এৰি সনাতন ধৰ্ম গ্ৰহণ কৰিছিল। সূত্ৰধৰ চেতন সিং ৰাজপুত এসময়ত মহম্মদ জাফৰ শ্বেখ আছিল। তেওঁ এই বিবাহকাৰ্য সমাপন কৰে।